নগাঁৱৰ বৰঘাটত উদ্ধাৰ কোহিমাৰ পৰা সন্ধানহীন দুই কিশোৰ

নগাঁৱৰ বৰঘাটত উদ্ধাৰ কোহিমাৰ পৰা সন্ধানহীন দুই কিশোৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বৰঘাটত উদ্ধাৰ কোহিমাৰ পৰা সন্ধানহীন দুই কিশোৰ

ডিজিটেল সংবাদ , নগাঁও : নগালেণ্ডৰ কোহিমা চহৰৰ পৰা যোৱা ৩ অক্টোবৰত সন্ধানহীন হোৱা দুই কিশোৰক বুধবাৰে নিশা নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা উদ্ধাৰ কৰে। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ বিষয়া সম্প্ৰীতি হাজৰিকাই অতি তৎপৰতাৰে নিশা প্ৰায় আঠ বজাত কিশোৰ দুটিৰ সন্ধান লাভ কৰে।

উদ্ধাৰ কৰা কিশোৰ দুটিৰ নাম কিনিক্ৰ ৰেছিহ (১৩) আৰু বেদেহু নাক্ৰ (১৩)।দুয়োৰে ঘৰ নগালেণ্ডৰ কোহিমাৰ ফৰেষ্ট কলনীত বুলি আৰক্ষী সূত্ৰই জনাইছে।কিশোৰ দুটিক উদ্ধাৰ কৰাৰ পাছত চাইল্ড লাইনক জিম্মাত দিয়া হয় যদিও কোহিমা আৰক্ষীৰ জৰিয়তে পৰিয়ালৰ লগত যোগাযোগ কৰে বৰঘাট আৰক্ষীয়ে ৷

বৃহস্পতি বাৰে কিশোৰ দুটিৰ পৰিয়ালৰ লোক নগাঁৱত উপস্থিত হোৱাৰ পাছত আনুষ্ঠানিকতা সম্পন্ন কৰি দুয়োকে পৰিয়ালৰ লোকক চমজাই দিয়া হয়।কোহিমাৰ পৰা এই কিশোৰ দুটি কেনেকৈ আহি নগাঁও চহৰৰ বৰঘাট পালেহি সেইয়া এতিয়াও পোহৰলৈ অহা নাই।

assam Assam police nagaon missing