৪ দিন ধৰি নিৰুদ্দেশ এগৰাকী মহিলা, চিন্তিত পৰিয়াল

৪ দিন ধৰি নিৰুদ্দেশ এগৰাকী মহিলা, চিন্তিত পৰিয়াল

author-image
asomiyapratidin
New Update
৪ দিন ধৰি নিৰুদ্দেশ এগৰাকী মহিলা, চিন্তিত পৰিয়াল

ডিজিটেল সংবাদ, লখিমপুৰ: লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ২নং পাৰ্বতীপুৰত বিগত চাৰিটা দিনে এগৰাকী বোৱাৰী সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইমানুৱেল কুজুৰ ওৰফে প্ৰেম কুজুৰ নামৰ যুবকজনৰ পত্নী চুলেখা কন্দপান কুজুৰ নামৰ মহিলা গৰাকী যোৱা সোমবাৰে সন্ধিয়া ঘৰৰ পৰা বজাৰ কৰিবলৈ গৈ সন্ধানহীন হৈ আছে।

এগৰাকী ৩ বছৰীয়া সন্তানৰ মাতৃ চুলেখা সন্ধানহীন হৈ থকাৰ পিছত পৰিয়ালৰ লোকে হাৰমতী আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই।

উল্লেখ্য যে, বিগত পাঁচ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা চুলেখাই চ'চিয়েল মেডিয়াতো বিভিন্ন ভিডিঅ' নিৰ্মান কৰি জনপ্ৰিয় হৈ পৰিছিল।পৰিয়ালৰ লোকে চুলেখাৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলেও যোগাযোগ সম্ভৱ হৈ উঠা নাই।কোনো লোকে চুলেখাৰ কিবা সম্ভেদ পালে সমীপৰ আৰক্ষী চকীত অবগত কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান কৰিছে।

assam lakhimpur missing case