অশোকাষ্টমীৰ দিনাৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

উদ্ধাৰ হ'ল দুদিন ধৰি সন্ধানহীন হৈ থকা ১৬ বছৰীয়া কিশোৰ ছাত্ৰ বিশ্বজিৎ ব্ৰহ্মৰ মৃতদেহ ।

author-image
Asomiya Pratidin
New Update
অশোকাষ্টমীৰ দিনাৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, চিৰাং: অৱশেষত শুকুৰবাৰ দিনা চিৰাঙৰ চম্পাৱতী নৈৰ বুকুত উদ্ধাৰ হ'ল দুদিন ধৰি সন্ধানহীন হৈ থকা ১৬ বছৰীয়া কিশোৰ ছাত্ৰ বিশ্বজিৎ ব্ৰহ্মৰ মৃতদেহ । যোৱা ২৯ মাৰ্চৰ দিনা চিৰাং জিলাৰ বাসুগাঁৱৰ চম্পাৱতী নৈৰ অশোকাষ্টমী মেলাত পৰিয়ালৰ সৈতে গা ধুৱলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈছিল বাসুগাঁও চহৰৰ দুই নং ওৱাৰ্ডৰ গুণজিৎ ব্ৰহ্মৰ একমাত্ৰ পুত্ৰ বিশ্বজিৎ ব্ৰহ্ম (১৬) ।

Advertisment

সন্ধানহীন হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ বিশ্বজিৎ ব্ৰহ্মক বিচাৰি চম্পাৱতী নৈৰ বুকুত এচডিআৰএফ বাহিনীৰ লোকে বিগত দুদিন ধৰি অভিযান চলাইছিল যদিও সফল হ'ব পৰা নাছিল ।অৱশেষতআজি পুৱাৰ ভাগত সন্ধানহীন হোৱা ঠাইৰ পৰা দুশ মিটাৰ নিলগত চম্পাৱতী নৈৰ বুকুত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰে ।

পিছত পৰিয়ালৰ লোকে মৃতদেহটো দুদিন ধৰি সন্ধানহীন হৈ থকা বিশ্বজিৎ ব্ৰহ্মৰ বুলি চিনাক্ত কৰে ।মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চম্পাৱতী নৈৰ পাৰত এক শোকাকুল পৰিবেশ সৃষ্টি হয়। বাসুগাঁও থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Also Read: বিদ্যুৎ মাচুল! প্ৰতিমাহে গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত ১০ টকা

chirang