/asomiyapratidin/media/media_files/2025/02/20/RSec69boryNyNqWXN6GO.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰ নিখোঁজ হৈছে অসমৰ এগৰাকী ভক্ত। জানিব পৰা মতে মহাকুম্ভ মেলাত এইবাৰ নিখোঁজ হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা।
নিৰুদ্দিষ্ট মহিলাগৰাকী কমাৰগাঁৱৰ দেৱন্তী কানু। ৬৫ বছৰীয়া মহিলাগৰাকী আজি পুৱা সন্ধানহীন হৈছে বুলি পৰিয়ালৰ লোকে অৱগত কৰিছে। যোৱা ১৬ ফেব্ৰুৱাৰীত বাছেৰে মহাকুম্ভ মেলালৈ যাত্ৰা কৰিছিল এই মহিলাগৰাকীয়ে।
পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ পালে পৰিয়ালৰ ৬০০১২ ০৭৯৬২ অথবা ৬০০৩৬ ৯৫৬১৩ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে এই সম্পৰ্কে বিশ্বনাথ আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়েও মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।