/asomiyapratidin/media/media_files/2024/12/02/FlNntE7OuUfnLDeBy6rn.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ যোৱা ২৯ নবেম্বৰ পৰা গোগামুখত অনুষ্ঠিত মিচিং স্পৰ্টচ কাৰ্নিভেলৰ দেওবাৰে সফল সামৰনি পৰিল। অসমৰ ১৬ খন জিলাৰ তিনি সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে বিশাল ক্ৰীড়া প্ৰতিযোগিতাত ।
চাৰিদিনীয়াকৈ অনুষ্ঠিত বিশাল ক্ৰীড়া প্ৰতিযোগিতা খনৰ বিজয় খেলুৱৈ সকলক পুৰস্কৃত কৰিবলৈ দেওঁবাৰে নিশা অনুষ্ঠিত হ'ল বঁটা বিতৰণী অনুষ্ঠান। ৰাজ্যৰ তিনি সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই মিচিং স্পৰ্টচ কাৰ্নিভেলৰ মূল উদ্দেশ্যে হৈছে জন গোষ্ঠীটোৰ যুৱক যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা উলিয়াই আনি অনাগত দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা সমূহত ভাগ লব পৰাকৈ উপযুক্ত কৰি তোলাই হৈছে লক্ষ্য আৰু উদ্দেশ্য বুলি ক'লে TMPKৰ সভাপতি তিলক দলেই।
পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে__ নিচাযুক্ত দ্ৰব্যৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰাখিবলৈ ক্ৰীড়াংগণত ব্যস্ত ৰখাটো এক উত্তম উপায় বুলি মন্তব্য কৰি বিশাল ক্ৰীড়া প্ৰতিযোগিতা সফল কৰি তোলাৰ উদ্যোগ লোৱা টিএমপিকে আৰু মিচিং স্বায়ত্ব পৰিষদৰ শলাগ লয়।