/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b410f0d6-27f8-41a4-891d-668a076d7f87/dhakuakhana.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যৰে নিৰ্মিত দুখন আঁচনিৰ বৃহস্পতিবাৰে শুভ উন্মোচন কৰা হয়। পৰিষদৰ পূব ঢকুৱাখনা, মাতমৰা পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে দুয়োখন আঁচনিৰ শুভ উন্মোচন কৰে।
মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, দীপাঞ্জল পেগু, নাথুৰাম পেগু, ক্ষীৰোদ পেগু, শিৰোমণি দলে, জিলা নেতৃত্ব ভূপেন দলে, ঢকুৱাখনা চৰকাৰী বাছ আস্থানৰ পৰিচালক টিকেন্দ্ৰ ভঁৰালী, মিচিং জাতীয় জাতীয় সংগঠন আৰু সন্মিলিত গণ শক্তি অসম দলৰ ঢকুৱাখনা ব্লক সমিতিৰ নেতৃবৰ্গ উপস্থিত থকে।
এই উদ্বোধনী অনুষ্ঠানত প্ৰথমে পৰিষদৰ ৮ লাখ টকা ব্যয় সাপেক্ষ ঢকুৱাখনা চৰকাৰী বাছ আস্থানৰ চৌহদত নিৰ্মীয়মান অনাময় গৃহৰ ফিটা কাটি যাত্ৰী সকলৰ ব্যৱহাৰৰ বাবে আঁচনিখন উৎসৰ্গা কৰে অধ্যক্ষ পেগু আৰু জিলা পৰিষদৰ সদস্য চুংক্ৰাংয়ে।
ইয়াৰ পাছতে পৰিষদৰ ৪৭ লাখ অৰ্থ সাহায্যৰে নিৰ্মিত অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণৰ শুভ উন্মোচন কৰে পৰিষদৰ অধ্যক্ষ পেগুৱে ।