মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুৰ্কংচেলেক সমষ্টিত গাঁও সভা সম্পন্ন...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ
মুৰ্কংচেলেক সমষ্টিত গাঁও সভা সম্পন্ন...

ডিজিটেল সংবাদ, জোনাই : মিচিং স্বায়ত্তশাসিত পৰিষদ দুই নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ ২০২২-২৩ বৰ্ষৰ পৰিপূৰক পুঁজি আৰু ২০২৩-২৪ বিত্তিয় বৰ্ষৰ আঁচনি প্রস্তুত সন্দৰ্ভত আজি ৰুঃয়ি জোনাই ৰাজহুৱা প্ৰেক্ষাগৃহত পৰিষদীয় গাঁও সভা এখন অনুষ্ঠিত কৰা হয়। জোনাই গাঁও পঞ্চায়তৰ কাউন্সিলৰ কমলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰ, জ্যেষ্ঠ নাগৰিক বলেশ্বৰ কাৰ্দং, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ সভানেত্ৰী বিনীতা কুম্বাং, টি এম এম কেৰ সদস্যা বিনীতা চাৰহ, কেমি-জেলম গাঁও পঞ্চায়তৰ কাউন্সিলৰ পিংকি পাতিৰ, এম এ চিৰ জে ই খগেশ্বৰ টাইদ, জোনাই উকীল সন্থাৰ সম্পাদক বিজেন দলে, জোনাই গাঁও প্ৰধান সন্থাৰ সভাপতি যুদ্ধেনাথ পায়েঙ, টি এম পি কেৰ নেতা দীপ পাৱ, চন্দ্ৰ বৰি, বিনেশ পাতিৰ, টি এম এম কেৰ সদস্যা কুমাৰী পেগু, মিচিং বানে কেবাঙৰ ৰত্নেশ্বৰ কাৰ্দং, গাঁও প্ৰধান দিন পেগু, জোনাই ট্ৰাইবেল সংঘৰ উপ-সভাপতি কমল পেগু, জন কুম্বাং আদিৰ লগতে দুই নং মুর্কংচেলেক পৰিষদীয় সমষ্টিবাসীৰ বহু পুৰুষ-মহিলা, এন জি অ', আত্মসহায়ক গোট, মহিলা গোট আৰু সমষ্টি উন্নয়ন সমিতিৰ বিষয়াববীয়া আদি উপস্থিত থাকে।

মিচিং স্বায়ত্তশাসিত পৰিষদ দুই নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মিচিং স্বায়ত্তশাসিত পৰিষদ দুই নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ ২০২২-২৩ বৰ্ষৰ পৰিপূৰক পুঁজি আৰু ২০২৩-২৪ বিত্তিয় বৰ্ষৰ আঁচনি প্রস্তুত বাবে অনুষ্ঠিত গাঁও সভাত বিভিন্ন উন্নয়নমূলক আচঁনিৰ লগতে বিশেষকৈ জীৱন-জীৱিকামূলক আচঁনি আৰু প্ৰকৃতাৰ্থত ৰাইজৰ উপকৃত কৰা আচঁনিৰ প্ৰস্তাৱ আগবঢ়ালৈ ৰাইজলৈ আহ্বান জনায়। টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰে নিজৰ ভাষণত নিবনুৱা যুৱক-যুৱতীক স্কীল ডেভলপমেণ্ট প্ৰদান কৰি উপযুক্ত সংস্থাপন আৰু গ্ৰামাৰ্থনীতি সমৃদ্ধ কৰা আচঁনি গ্ৰহণত গুৰুত্ব দিবলৈ আহ্বান জনায়।

জোনাই পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে তাৎপৰ্যপূৰ্ণভাৱে মন্দিৰতকৈ মানৱ সম্পদ নিৰ্মাণ কৰা শিক্ষানুষ্ঠান সৰ্বাংগসুন্দৰভাৱে নিৰ্মাণ কৰা পোষকতা কৰে। সভাত মিচিং স্বায়ত্তশাসিত পৰিষদ ২ নং মুৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ ২০২২-২৩ বৰ্ষৰ পৰিপূৰক পুঁজি আৰু ২০২৩-২৪ বিত্তিয় বৰ্ষৰ আঁচনি বিভিন্ন উন্নয়নমূলক আচঁনিৰ এ অ' পি, জীৱন জীৱিকামূলক আঁচনিৰ ইচ্ছুক পৰীক্ষাৰ্থী নাম, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জলপানী দিবলগীয়া শিক্ষাৰ্থীৰ নাম, জটিল ৰোগীৰ আর্থিক সাহায্য প্রদান কৰিবলগীয়া নাম, ক্ৰীড়াত পাৰ্গত খেলুৱৈক আর্থিক সাহায্য দিবলগীয়া নাম, বিধবা আৰু দুখীয়াক বিভিন্ন সাহায্য দিবলগীয়া নাভ আৰু প্রগতিশীল খেতিয়ক আদি হিতাধিকিৰীৰ নাম তালিকা ৰাইজৰ পৰা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in