বোকাখাতত দুৰ্বৃত্তই আক্ৰমণ কৰিলে কলেজীয়া ছাত্ৰ-ছাত্ৰীক...

দিপাৱলীৰ প্ৰাকক্ষণত বোকাখাতৰ ৰাজপথত ফুটগধুলিতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা ।

author-image
Asomiya Pratidin
New Update
বোকাখাতত দুৰ্বৃত্তই আক্ৰমণ কৰিলে কলেজীয়া ছাত্ৰ-ছাত্ৰীক...

ডিজিটেল সংবাদ, বোকাখাত: দিপাৱলীৰ প্ৰাকক্ষণত বোকাখাতৰ ৰাজপথত ফুটগধুলিতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা । ৩ দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰিলে কলেজীয়া ছাত্ৰ-ছাত্ৰীক ।

Advertisment

এই ঘটনাত নিৰ্যাতনৰ বলি হ'ল হৈছে দুগৰাকী ছাত্ৰী । বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা 'মি এণ্ড মম' নামৰ ৰেষ্টুৰেণ্টখনৰ সন্মুখত সংঘটিত হয় এই ঘটনা ।

ৰেষ্টুৰেণ্টখনত চাহ খাই থকা অৱস্থাত ৩ উদণ্ড যুৱকে আহি অতৰ্কিতে আক্ৰমণ কৰে ছাত্ৰ-ছাত্ৰীৰ দলটোক। এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ আছে চিচি টিভিৰ কেমেৰাত ।

আক্ৰমণকাৰী ৩ যুৱক হৈছে লালু চেতিয়া, ভাষ্কৰ বৰা আৰু দীপ ৰাজবংশী। এই ৩ যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ।

ইফালে বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ অভিযোগ যে এই ঘটনাত জড়িত আছে অগপ দলৰ ছাত্ৰ পৰিষদৰ সদস্য । আটক ৩ দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'বলৈ দাবী ছাত্ৰ সংগঠনটোৰ ।

bokakhat