/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cc6bff24-b133-4894-90d0-fae31143715b/14.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ মিৰ্জাৰ কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ অধ্যক্ষ তথা জ্যেষ্ঠ সহকাৰী অধ্যাপকৰ সৈতে ২৫ জনীয়া প্ৰশিক্ষাৰ্থীৰ এটা দলে শুকুৰবাৰে বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বিভিন্ন চৰাঞ্চল ভ্ৰমণ কৰি চৰৰ বাস্তৱ অভিজ্ঞতা লাভ কৰে। জানিব পৰামতে, আজাদ ওচমান গণিৰ নেতৃত্বত ডায়েটৰ দলটোৱে গৰৈমাৰী বিলৰজানৰ পৰা এখন যন্ত্ৰচালিত নাৱেৰে চৰাঞ্চল যাত্ৰা আৰম্ভ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/190d31b0-d317-497d-9194-f70558f5cfdf/fd1a3753_9c18_431d_a6f4_e2d302dbe892.jpg)
ডায়েটৰ ২৫ জনীয়া দলটোৱে লক্ষীপুৰ চৰ, গৰুৰ চৰ, পানীখাইতী আদি চৰাঞ্চল ভ্ৰমণ কৰি চৰ-চাপৰিত বসবাস কৰা লোকৰ জীৱন-যাত্ৰা তথা বাস্তৱ ছবি প্ৰত্যক্ষ কৰে। ইপিনে চৰাঞ্চল যাত্ৰাৰ পূৰ্বে ডায়েটৰ অধ্যক্ষৰ সৈতে ৫গৰাকী সহকাৰী অধ্যাপকে শুকুৰবাৰে গৰৈমাৰীস্থিত কস্তুৰ্বা গান্ধী বালিকা বিদ্যালয়ো পৰিদৰ্শন কৰে। পিছত ডায়েটৰ সঁজাতী দলটো সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুললৈ গৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ পিছত তেওঁলোকক বিদ্যালয় তৰফৰ পৰা ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b617028d-9cce-405f-8a55-db2fd1fba0fc/3e07e031_7d32_4474_a217_7e95e60eb6a0.jpg)
ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৰহমত উল্লাহ, অৱসৰী শিক্ষক শ্বেইখ মহম্মদ পিয়াৰ, মাহতলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক আজাদ হবিবৰ ৰহমান, সমাজকৰ্মী বাবৰ আলী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0e7a4559-e975-4caf-bbdc-f2184374189b/256b3297_06e1_4cec_8349_902a21d74435.jpg)
ইপিনে দলটোৱে চৰাঞ্চল ভ্ৰমণ সমাপ্ত কৰি উভতাৰ সময়ত চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ তৰফৰ পৰা আটাইকে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। ডায়েটৰ অধ্যক্ষ ড০ পঙ্কজ বৰুৱা, জ্যেষ্ঠ সহকাৰী অধ্যাপক ভূপেন কুমাৰ দাস, কমল কুমাৰ মহন্ত, পল্লৱী ভট্টাচাৰ্য, জনু দাস, প্ৰীতি পুষ্পা বৰুৱা আৰু ড০ শিৰোমণি ভূঞাক জি কে এছ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি আবুল কালাম আজাদ, উপ-সভাপতি নয়ান আলী, সদস্য ৰেজাউল কবিৰ, চৰ-চাপৰি যুৱ ঐক্যমঞ্চৰ উপদেষ্টা আব্দুছ ছামাদ, বিশিষ্ট সমাজকৰ্মী আজগৰ আলীয়ে চৰাঞ্চল ভ্ৰমণকালত সহযোগ আগবঢ়ায়৷
Also Read: নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ