কিশোৰী বলাৎকাৰ কৰাৰ অপৰাধত মোস্তাফিজুৰ ৰহমানক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

দক্ষিণ শালমাৰা মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতত সোমবাৰে নাবালিকা ধৰ্ষণকাণ্ডৰ এক গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

author-image
Asomiya Pratidin
New Update
কিশোৰী বলাৎকাৰ কৰাৰ অপৰাধত মোস্তাফিজুৰ ৰহমানক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতত সোমবাৰে নাবালিকা ধৰ্ষণকাণ্ডৰ এক গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উল্লেখযোগ্য যে যোৱা ৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখ নিশা প্ৰায় ৮ বজাত জিলা খনৰ সুখচৰ থানা এলেকাৰ বৰবালু গাঁৱৰ বানেজ উদ্দীন পুত্ৰ মোস্তাফিজুৰ ৰহমান গাঁও খনৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক বৰবালু চৰকাৰী এল পি স্কুলত বলপূৰ্বক ভাৱে ধৰ্ষণ কৰিছিল।

Advertisment

ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে সুখচৰ থানাত এহাজাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত মোস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ পাছৰে পৰা আদালতত গোচৰটো চলি আছিল।

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদলতৰ দণ্ডাধীশ চৈয়দ ইমদাদুল ৰহমানে মোস্তাফিজুৰ ৰহমানক দোষী সাব্যস্ত কৰি ২০ বছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হেজাৰ টকাৰ জৰিমনা বিহে। দোষী মোস্তাফিজুৰ ৰহমান জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত ৬ মাহৰ কাৰাবাস খাটিব লাগিব বুলিও আদালতে ৰায় প্ৰদান কৰে।

মন কৰিবলগীয়া যে ভাৰতীয় দণ্ডবিধিৰ ৪(২) pocso সংশোধনী-১৯ আইনৰ অধীনত R/W section 376(3) ধাৰাত ৩১/২১ নম্বৰত বিশেষ ভাবে গোচৰটো পঞ্জীয়ন হৈ আছিল বুলি চৰকাৰী অধিবক্তা বিশ্বজিৎ মহন্তই সাংবাদিকক জানিবলৈ দিয়ে।

Byte 1 : বিশ্বজিৎ মহন্ত, চৰকাৰী অধিবক্তা, হাটশিঙিমাৰী

মন কৰিবলগীয়া যে আদালৰত এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দানৰ পাছত ভুক্তভোগী নাবালিকাৰ পিতৃয়ে ন্যায় পোৱা বুলি সন্তষ্ট প্ৰকাশ কৰিছে।

assam south salmara