/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a9d33c00-6da5-4bb2-95c7-47274e3793d9/rape.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: এটি শিশুক ধৰ্ষণ কৰাৰ অপৰাধত আদালতে শাস্তি প্ৰদান কৰে এজনক। এই ঘটনা সংঘটিত হৈছে গোলাঘাটত।
এটি ৯ বছৰীয়া শিশুক টিউচন কৰাৰ চলেৰে যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত বুধবাৰে গোলাঘাটৰ পচকো বিশেষ আদালতে আদালতে এজন ঘৰুৱা শিক্ষকক ২০ বছৰ কাৰাদণ্ডৰ বিহে। গোলাঘাটৰ বিশেষ পচকো আদালতৰ ৰুবীনা শৰ্মাৰ আদালতে এই ৰায় প্ৰদান কৰে।
বৰপথাৰ আৰক্ষী থানাৰ ১৬২/২০১৯ গোচৰৰ ভিত্তিত সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰি POCSO আইনৰ ৬ নং ধাৰাৰ অধীনত গোপাল শইকীয়া নামৰ লোক জনক ২০ বছৰ কাৰাদণ্ড বিহাৰৰ লগতে নগদ ১০ হেজাৰ টকাৰ জৰিমনা বিহে।