কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে নগাঁৱৰ পৰা উদ্ধাৰ কৰে এগৰাকী কিশোৰীক…

কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে নগাঁৱৰ পৰা উদ্ধাৰ কৰে এগৰাকী কিশোৰীক…

author-image
asomiyapratidin
New Update
কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে নগাঁৱৰ পৰা উদ্ধাৰ কৰে এগৰাকী কিশোৰীক…

ডিজিটেল ডেস্ক: নগাঁৱৰ কঠিয়াতলীত মুম্বাই আৰক্ষীৰ অভিযান ৷ কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে কঠিয়াতলী শগুনবাহীৰ পৰা উদ্ধাৰ কৰে মুম্বাইৰ এগৰাকী কিশোৰীক ৷

Advertisment

আব্দুল ৰাজেক নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কিশোৰী গৰাকীক । আৰক্ষীয়ে উদ্ধাৰ কৰা কিশোৰী গৰাকীৰ নাম চঞ্জনা ৰাজু চৌধুৰী ।

পৰিয়ালৰ লোকে মুম্বাইৰ টুৰৱেৰ আৰক্ষী থানাত সন্ধানহীন বুলি তৰা গোচৰৰ ভিত্তিত মুম্বাই আৰক্ষী উপস্থিত হয় কঠিয়াতলীত আৰু আব্দুল ৰাজেকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।

কি কাৰণে কিশোৰী গৰাকী নগাঁৱৰ কঠিয়াতলী পালেহি বৰ্তমানলৈ পোহৰলৈ অহা নাই যদিও কিশোৰী গৰাকীৰ লগতে আব্দুল ৰাজেকক সোধ পোছৰ বাবে মুম্বাই আৰক্ষীয়ে আটক কৰি মুম্বাইলৈ লৈ যায় । আনহাতে আৰক্ষী এই সমগ্ৰ ঘটনাটো অপহৰণ কাণ্ড হ'ব পাৰে বুলি সন্দেহ কৰিছে ।

nagaon arrested