বহিঃৰাজ্যত বিক্ৰী হোৱা হোজাইৰ কিশোৰী উদ্ধাৰ, মহিলা সহ ৬জনক গ্ৰেপ্তাৰ

বহিঃৰাজ্যত বিক্ৰী হোৱা হোজাইৰ কিশোৰী উদ্ধাৰ, মহিলা সহ ৬জনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত বিক্ৰী হোৱা হোজাইৰ কিশোৰী উদ্ধাৰ, মহিলা সহ ৬জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,মোৰাঝাৰ: ৰাজ্যত অব্যাহত আছে বহিঃ ৰাজ্যলৈ নাৰী সৰবৰাহ। এইবাৰ নাৰী সৰবৰাহ চক্ৰটোৰ লক্ষ্য হৈ পৰিছে সংখ্যালঘু প্ৰধান এলেকা সমূহ।এনে এক ঘটনা পোহৰলৈ আহিছে হোজাইৰ মোৰাঝাৰত।মোৰাঝাৰৰ দেৱস্থানৰ এগৰাকী কিশোৰীক হস্পাতালত কাম দিয়াৰ প্ৰলোভনেৰে দিল্লীলৈ নি দেহ ব্যৱসায় চক্ৰৰ ওচৰত বিক্ৰী কৰে সৰবৰাহ কাৰী চক্ৰটোৱে।কিশোৰীগৰায়ে কৌশলৰে সেই চক্ৰটোৰ হাতৰ পৰা পলায়ন কৰি উত্তৰাখণ্ডৰ ডেৰাদুন পায়গৈ।

ডেৰাদুনৰ পৰা চাইল্ড লাইনৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰি অনাৰ পিছত এই চক্ৰটোৰ সকলো কুকৰ্ম পোহৰলৈ আহিছে৷ যোৱা ৪ জুলাইত ডেৰাদুনৰ পৰা হোজাই আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ পিছত পোহৰলৈ আহিছে নাৰী দেহ ব্যৱসায়ীৰ চক্ৰটোৰ তথ্য। অভিযোগ অনুসৰি এই চক্ৰটোৰ নেতৃত্বত আছে মোৰাঝাৰৰ যমুনা মৌডংগা কৃষি পাম নিগমৰ পাৰবিনা বেগম আৰু ছালমা বেগম নামৰ দুগৰাকী যুৱতী।

দুয়োগৰাকী যুৱতী দিল্লীত থাকি বিভিন্ন প্ৰতিষ্ঠানত চাকৰি দিয়াৰ প্ৰলোভন দি একাংশ যুৱতী,কিশোৰীক দিল্লীলৈ লৈ গৈছিল৷ পৰৱৰ্তী এইসকল যুৱতীক বলপূৰ্বক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা হৈছিল ৷ দেৱস্থানৰ সমীপৰ মৌডংগা কৃষিপাম নিগমৰ এগৰাকী কিশোৰীক চিকিৎসালয়ত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি দিল্লীলৈ লৈ গৈছিল এই চক্ৰটোৱে ৷

ডেৰাদুনৰ পৰা চাইল্ড লাইনৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰি অনাৰ পিছত এই চক্ৰটোৰ সকলো কুকৰ্ম পোহৰলৈ আহিছে ৷ হোজাই আৰু নগাঁও জিলাৰ অন্য কেবাগৰাকী যুৱতী দিল্লীত দেহ ব্যৱসায়ী চক্ৰৰ কবলত বন্দী হৈ থকাৰ কথা পোহৰলৈ আহিছে ৷

দিল্লীত থাকি দেহ ব্যৱসায়ী চক্ৰটোৰ নেতৃত্ব দিয়া পাৰবিনা বেগম সহ বিভিন্ন প্ৰকাৰে সহযোগ কৰা অন্য ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হৈছে ক্ৰমে বিলাল উদ্দিন, আফাজ উদ্দিন, পাৰবিনা বেগম, নাচিৰ হুছেইন মীৰ, আব্দুল কৰিম, আজমল হুছেইন৷উল্লেখ যে ইয়াৰে আব্দুল কৰিম নামৰ লোকজন বিজেপি দলৰ স্থানীয় নেতা।

মূল অভিযুক্ত ছালমা বেগম এতিয়াও দিল্লীত আত্মগোপন কৰি আছে৷ এই সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত ১৬২/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ তৎপৰতাত ছয় জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে পাৰবিনা বেগম আৰু বিলাল উদ্দিনক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে বাকী চাৰিজনক ন্যায়িকজ্যাম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Also Read: শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰা যুৱকৰ ঘৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

Assam police