/asomiyapratidin/media/media_files/2025/02/20/ueApVTaUt2pAQtmRewHY.jpg)
ডিজিটেল সংবাদ মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ময়নাবান্ধা গাঁৱত সংঘটিত হোৱা এক ধৰ্ষণকাণ্ডৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, গাওঁখনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই সংক্ৰান্তত আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত তথা শ্বেওৰাগিৰী গাঁৱৰ ইছমত আলীৰ পুত্ৰ ৰিয়াজুল হকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই জানিব দিয়া মতে, অভিযুক্ত ধৰ্ষণকাৰী ৰিয়াজুলে ১৬ বছৰীয়া ছাত্ৰীগৰাকীক প্ৰেমৰ ছলনাৰে পিপুলবাৰী এলেকালৈ পলুৱাই নিছিল।
তাৰ পাছত কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ লগতে সহযোগীৰ হাততো তুলি দিছিল। অভিযোগ অনুসৰি দুদিন ধৰি কিশোৰীগৰাকীক ধৰ্ষণৰ পাছত চুবুৰীয়া মেঘালয়ৰ ফুলবাৰী এলেকাত পেলাই থৈ আহে।
পাছত স্থানীয় ৰাইজে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়ে। এই ঘটনাৰ পাছতে ছাত্ৰী গৰাকীৰ মাতৃয়ে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ৰিয়াজুল হকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এতিয়াও আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁৰ সন্ধানতো অব্যাহত ৰাখিছে অভিযান।
ধৃত ধৰ্ষণকাৰী ৰিয়াজুলকক আজি হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us