দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰী, মাতৃয়ে বিচাৰিছে সহায়...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰী, মাতৃয়ে বিচাৰিছে সহায়...

author-image
Asomiya Pratidin
New Update
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিশোৰী, মাতৃয়ে বিচাৰিছে সহায়...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বৰদিকৰাই উচ্ছ মাধ্যমিক বিদ্যালয়ৰ নৱমশ্ৰেনীৰ মেধাবী ছাত্ৰী তথা ২নং মৰিসুতি গাঁৱৰ মনি দাস আৰু চানু দাসৰ কন্যা কুসুম দেৱী জটিল ৰোগত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটিৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দীৰ্ঘদিন ধৰি জটিল ৰোগাক্ৰান্ত হৈ থকা মেধাবী ছাত্ৰী গৰাকী বিদ্যালয়খনত উপস্থিত হৈ শিক্ষাগ্ৰহণ কৰিব নোৱাৰাত শিক্ষক ও ছাত্ৰছাত্ৰী সকলে দুখ প্ৰকাশ কৰি ৰোগাক্ৰান্ত ছাত্ৰী কুসুম দেৱীৰ ঘৰত উপস্থিত হৈ আশুআৰোগ্য কামনাৰে প্ৰাৰ্থনা জনায়৷

Advertisment

লগতে দৰিদ্ৰ পৰিয়ালটিৰ দুৰ্ভগীয়া সন্তান মেধাৱী ছাত্ৰী কুসুম দেৱীৰ উন্নত চিকিৎসাৰ সহায়ক হোৱাকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ ধন সংগ্ৰহ কৰি আৰ্থিক সাহাৰ্য্যও পিতৃ মাতৃ হাতত অৰ্পন কৰে । বৰ্তমান সময়ত ৰোগাক্ৰান্ত ছাত্ৰী গৰাকীক অধিক তেজৰ প্ৰয়োজন হোৱাত টুমুকি মেডিকেল কলেজলৈ এম্বুলেন্স যোগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ বাবেই দৰিদ্ৰ পৰিয়ালটিয়ে ৰাইজৰ ওচৰত উন্নত চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে । কোনো সদাশয় ব্যক্তিয়ে ৰোগাক্ৰান্ত দৰিদ্ৰ মেধাৱী ছাত্ৰী গৰাকীক চিকিৎসা সাহাৰ্য্য আগবঢ়াবলৈ ইচ্ছা কৰিলে ভাৰতীয় ষ্টেট বেংকৰ 31897509458 নম্বৰ একাউণ্টত ( IFSC code SBINO009142 ) যোগে দিবলৈ জনাইছে পৰিয়ালৰ লোকে।

Also Read: কৃষকৰ মৃত্যুঃ দুদিনৰ বাবে স্থগিত 'দিল্লী চলো' যাত্ৰা, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস