/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/c0219b9d-27e4-4e18-b4a1-65a4edf975c4.jpg)
ডিজিটেল সংবাদ: ঢকুৱাখনা : কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী কিশোৰী । ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পূব বালিগাঁৱৰ ডিম্পল দাস আৰু ৰুমী দাসৰ ১৩ বছৰীয়া কন্যা দীপাক্ষী দাস প্ৰায় ১ সপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে।
অমায়িক, মাৰ্জিত , ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ৰ সপ্তম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থকা কিশোৰী গৰাকী ৪ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৫ বজাৰ পৰা নিখোজ হোৱাৰ পাছৰ পৰাই আত্মীয় স্বজনৰ ঘৰত বিচাৰিও দুৰ্ভগীয়া পিতৃ মাতৃয়ে উলিয়াব পৰা নাই সন্ধান।
বৃহস্পতিবাৰে দুৰ্ভগীয়া পিতৃ মাতৃয়ে জনাই যে সন্ধানহীন হোৱাৰ কেইদিনমান পাছতেই ঢকুৱাখানা আৰক্ষীখানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু এই ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে।
কিশোৰী গৰাকীৰ সন্ধান নাপাই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল। সংবাদমাধ্যমক দুৰ্ভগীয়া অভিভাৱকে জনোৱা মতে সদৰ থানাৰ অন্তৰ্গত পূব বালি গাঁৱৰ প্ৰয়াত লীলা দাসৰ পুত্ৰ মনু দাসে পুৰণি কপহুৱা গাঁৱৰ আত্মীয় মলী দাসৰ সহযোগত কিশোৰী গৰাকীক প্ৰলোভন দি বলপূৰ্বক অপহৰণ কৰি অজ্ঞাত স্থানলৈ নিছে ।
অপহৰণকাৰী মনু দাস এটা অসৎ প্ৰকৃতিৰ , দাগী অপৰাধী বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে। প্ৰায় ৩ মাহৰ পূৰ্বে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা ওলাই অহা এই অসৎ ব্যক্তিৰ গ্ৰাসৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰৰ আহ্বান জনাইছে ঢকুৱাখনা আৰু লখিমপুৰ জিলা আৰক্ষী বিভাগক।
কোনো ব্যক্তিয়ে কিশোৰী গৰাকীৰ সন্ধান পালে ৮৮১২৯৩০৬৭৪ নম্বৰত অথবা সমীপৰ আৰক্ষী থানাত অৱগত কৰাৰ আহ্বান জনাইছে পৰিয়ালবৰ্গই। ইপিনে সদৰ থানাত ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ (ক) ধাৰাত পঞ্জীভূত গোচৰৰ আচামীটোৰ সন্ধান অব্যাহত ৰাখিছে বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জানিবলৈ দি শীঘ্ৰে সফলতা লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে।