৯ দিনৰ পিছতো সন্ধান নাই কিশোৰীৰ, জেইনুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

জেইনুল আহমেদ
জেইনুল আহমেদ

ডিজিটেল সংবাদ, বিহালীঃ সম্প্ৰতি ৰাজ্যৰ আৰক্ষী বিভাগ বুলিলে অপৰাধ আৰু অপৰাধকাৰীটো দূৰৈৰে কথা নিৰাপৰাধী মানুহ ভয়ত পেঁপুৱা লাগে ৷ ঠিক তেনে সময়তে বিহালী আৰক্ষীৰ বিৰূদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷

অভিযোগ অনুসৰি যোৱা ৪ অক্টোবৰ নিশা প্ৰায় ৭ মান বজাত বিহালীৰ নিৱাসী ১৭ বছৰীয়া কিশোৰা এগৰাকীক একে গাঁৱৰে জেইনুল আহমেদ নামৰ এজন যুৱকে পলুৱাই লৈ যায় ৷ উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰী গৰাকীক পলুৱাই নিয়াৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰলোকে যোৱা ৬ অক্টোবৰত বিহালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কিশোৰী গৰাকীক উদ্ধাৰ কৰি দিৱলৈ আবেদন জনায় ৷

এজাহাৰকাৰী আমিৰ হুছেইনে সদৰি কৰা মতে , বিহালী আৰক্ষী থানাত যুৱতী পলুৱাই নিয়া ঘটনাৰ সন্দৰ্ভত অভিযুক্ত হিচাপে জেইনুল আহমেদৰ খুড়াক মুক্তাৰ হুছেইনৰ নাম উল্লেখ কৰিছিল ৷

গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, বিহালী আৰক্ষীয়ে পৰিয়ালৰলোকৰ পৰা এজাহাৰ পোৱাৰ পিছত বিহালী আৰক্ষীয়ে অভিযুক্ত জেইনুল আহমেদৰ অভিভাৱক খুড়াক মক্তাৰ হুছেইনক সোধ-পোছৰ বাবে আটক কৰি পৰৱৰ্তী সময়ত এৰি দিয়ে ৷ জানিব পৰা মতে , আৰক্ষীয়ে জেইনুল আহমেদৰ অভিভাৱক খুড়াক মুক্তাৰ হুছেইনক দুদিনৰ সময়সীমা বান্ধি জেইনুল আহমেদসহ কিশোৰী গৰাকীক আৰক্ষীক চমজাই দিবলৈ চৰ্ত বান্ধি দিছিল ৷ আনহাতে যোৱা ৯ অক্টোবৰত বিহালী আৰক্ষীয়ে আন তিনিজন লোকক সোধ-পোছৰ বাবে আটক কৰি কিশোৰীসহ জেইনুল আহমেদক আৰক্ষীক চমজাই দিবলৈ চৰ্ত বান্ধি এৰি দিয়ে৷

কিন্তু কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ ইমান দিন পাছতো বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

অভিযোগ মতে , অভিযুক্ত জেইনুল আহমেদৰ অভিভাৱক খুড়াক মুক্তাৰ হুছেইনে কিছুমাহৰ পৰা আমিৰ হুছেইনক কিশোৰী গৰাকীক ভতিজাক জেইনুল আহমেদলৈ বিয়া দিবলৈ হেচাঁ প্ৰদান কৰি অহাৰ উপৰিও বিভিন্ন প্ৰলোভনমূলক কথা-বতৰাৰে প্ৰলোভিত কৰি আহিছিল ৷

কিন্তু আমিৰ হুছেইনে নিজ কন্যাৰ বয়স ১৭ হোৱাৰ অজুহাত দেখুওৱাই জেইনুল আহমেদলৈ বিয়া দিয়া নাছিল ৷ আমিৰ হুছেইনে কিশোৰীগৰাকীক মুক্তাৰ হুছেইনৰ ভতিজাক জেইনুল আহমেদলৈ বিয়া নিদিয়াৰ বাবেই চক্ৰান্তৰে পলুৱাই নিয়া বুলি অভিযোগ কৰিছে ৷

জেইনুল আহমেদ
আইজলত ইজৰাইলৰ এজন ইহুদি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in