/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/miiii.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তথা জাজৰি আৰক্ষী থানাৰ এলেকাধীন ন-মাটি গাঁৱৰ এজন কিশোৰ বুধবাৰে পুখুৰীত গা ধুবলৈ গৈ মৃত্যু মুখত পৰে। ঘটনাৰ বিৱৰণী মতে, ১৬ বছৰীয়া কিশোৰীটিয়ে এজন বন্ধুৰ সৈতে দুপৰীয়া ওচৰৰ লঠাবৰি গাঁৱৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল।
পুখুৰীত গা ধুই থকা অৱস্থাত হঠাৎ পানীত ডুব যায়। লগে লগে লগৰ বন্ধুজনে কিশোৰটিক বচাবলৈ বহুত চিঞৰ বাখৰ কৰে যদিও, নিজান ঠাইত থকা পুখুৰীটোৰ পাৰত সেই সময়ত কোনো লোক নথকাত কিশোৰ জনৰ মৃত্যু হয়।
পাছত পৰিয়ালৰ লোকে আহি কিশোৰীটিক উদ্ধাৰ কৰি নগাঁৱলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, কিশোৰটিৰ ঘৰ বটদ্ৰৱা সমষ্টিৰ দেওৰাত। কিশোৰটিয়ে নমাটি গাঁৱৰ মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল। কিশোৰটিৰ অকাল মৃত্যুত নমাটি গাঁৱত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।
আৰু পঢ়ক: কিশোৰীক ধৰ্ষণ কৰি হত্যা! মঙলদৈত তদন্তৰ বাবে উপস্থিত SIT দল