/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4835da4e-473f-40bd-8dfb-7e6fd24e31f5/murder.jpg)
murder case
ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীৰ জালুকবাৰীত মানকাচৰ আৰক্ষীৰ অভিযান। বৃহস্পতিবাৰে চলা এই অভিযানত আৰক্ষীয়ে হত্যাৰ এক অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
অভিযুক্তৰ নাম ছাইফুল ইছলাম । ঘটনাৰ বিৱৰণী অনুসৰি ৭ ছেপ্টেম্বৰত মানকাচৰৰ সোনাপুৰ পথাৰৰ মাজত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল ১৪ বছৰীয়া ছাত্ৰৰ মৃতদেহ।
মৃতদেহটি বেকাৰডবা গাঁৱৰ এটি কিশোৰৰ আছিল। সোনাপুৰ হাই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল কিশোৰটি। ২ ছেপ্টেম্বৰত ছাত্ৰ জনক ঘৰৰ পৰা ফুৰিবলৈ মাতি নিছিল আৰু তাৰ পাছত হত্যা কৰি মাটিত গাত খান্দি পুতি ৰাখিছিল।
ধৃত ছাইফুল ইছলাম সহ আন দুজন বন্ধুৱে মিলি হত্যা কৰিছিল কিশোৰটিক। মৃতদেহ উদ্ধাৰৰ পাছতেই ৩ অভিযুক্তই পলায়ন কৰিছিল আৰু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল।
আজি পুৱতি নিশা জালুকবাৰীৰ পৰা ছাইফুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন দুই অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে।
আন দুজন অভিযুক্ত বানু মিয়া আৰু নিপা শেখ বুলি ধৃত ছাইফুল স্বীকাৰোক্তি দিছে। বৰ্তমান পৰ্যন্ত হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।