/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/yoga.jpg)
ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আয়ুষ মন্ত্রালয়ে বৃহস্পতিবাৰে লালকিল্লাৰ ১৫ আগষ্ট গ্ৰাউণ্ডত যোগ উৎসৱৰ আয়োজন কৰে। অনুষ্ঠানটোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰো সূচনা কৰে। সহস্রাধিক লোকৰ যোগ প্ৰদৰ্শনেৰে মুখৰিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ তথা আয়ুষ মন্ত্রী প্রমুখো বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী, সাংসদ, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, যোগ গুৰু, জ্যেষ্ঠ বিষয়া আৰু স্বেচ্ছাসেৱকসকলে সক্রিয় অংশগ্রহণ কৰে।
সমবেত লোক সকলক সম্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, "যোগ হৈছে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। মানৱ জীৱনৰ শাৰীৰিক মানসিক উৎকর্ষ সাধনত ইয়াৰ গুৰুত্ব অপৰিসীম। আজি বিশ্ব স্বাস্থ্য দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোগক বিশ্বৰ মজিয়ালৈ লৈ যোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"
এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "যোগ হৈছে এক দৈনন্দিন অভ্যাস দিয়ে শৰীৰ আৰু মনৰ মাজত সমন্বয় গঢ় দিয়ে। ই আমাক শাৰীৰিক শক্তি প্ৰদান কৰে আৰু আধুনিক জীৱনৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে মোকাবিলা কৰিবলৈ মানসিক ভাৰসাম্য তথা আৱেগিক স্থিৰতা প্ৰদান কৰে।
আজি বিশ্ব স্বাস্থ্য দিৱসত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাউন্টডাউন কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০১৪ চনত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। আমি ভাৰতৰ প্রায় ৭৫ টা ঐতিহ্যবাহী স্থানত যোগ প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছোঁ। লগতে সূৰ্যৰ চলাচলৰ সৈতে সংগতি ৰাখি সমগ্র বিশ্বতে যোগ দিৱসৰ কাৰ্যসূচী প্রচাৰ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এক সূৰ্য, এক পৃথিৱী অভিযানৰ সৈতে এই পৰিকল্পনা সম্পর্কিত।"
অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us