বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তক যুগান্তকাৰী আখ্যা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ...

author-image
Asomiya Pratidin
New Update
বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা সিদ্ধান্তক যুগান্তকাৰী আখ্যা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ...

ডিজিটেল সংবাদ, চিৰাং : বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ আইন থকা স্বত্বেও সেই আইন ভঙ্গ কৰি অসমত অব্যাহত আছে বাল্যবিবাহ । সেই আইন অৱমাননা কৰি বাল্যবিবাহ কৰা বা সমৰ্থন কৰা লোক সকলৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছত সমগ্ৰ অসমজুৰি নিশাৰ পৰা আৰক্ষীয়ে অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে ।

Advertisment

অসমত বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যি কঠোৰ সিদ্ধান্তৰ গ্ৰহণ কৰিছে তাৰ বাবে ইতিহাসত সদায় তেখেতৰ এই কামৰ বাবে স্মৰণ কৰিব কাৰণ এইটো এটা যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ কাৰণে ইয়াৰ আগতে কোনেও যিটো সাহস কৰিব পৰা নাছিল কিন্তু তেখেতে ৰাজনৈতিক পৰিণাম কি হব তাৰ কোনো চিন্তা নকৰাকৈ সমাজৰ স্বাৰ্থত এটা ভাল পদক্ষেপ কৰিছে বুলি দাবী কৰে । আজি চিৰাং জিলাত চলি থকা গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

আৰু পঢ়ক : আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন

against child marriage himanta biswa sarma