/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/q4drwayv/pijush 11.jpg)
জলসম্পদ বিভাগৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ: বুঢ়ীদিহিং নদীৰ বান নিয়ন্ত্ৰণৰ বিষয়ে বিস্তৃত আলোচনা...
ডিজিটেল সংবাদ দিছপুৰঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজৰ কাৰ্যালয়ৰ পৰা এখন ভাৰ্চুৱেল বৈঠকত অংশ লৈ বুঢ়ীদিহিং নদীৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/kcxmpemr/c470ef01-d537-48fb-886c-2e2d9b6e200b.jpg)
উল্লেখ্য যে, বিগত বাৰিষাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও বিধানসভা সমষ্টিত মূলতঃ বুঢ়ীদিহিং নৈৰ বানে সমস্যাৰ সৃষ্টি কৰিছিল। আজি এই বুঢ়ীদিহিং নৈৰ বানপানী ৰোধ কৰাৰ বিষয়ে আলোচনা কৰিবলৈ বিশেষ পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰী হাজৰীকাই মন্ত্ৰী বিমল বৰা আৰু বিধায়কসকল ক্ৰমে বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, টেৰচ গোৱালা আৰু ভাস্কৰ শৰ্মাৰ সৈতে তেওঁলোকৰ সমষ্টিৰ বান-খহনীয়াৰ বিতং আলোচনা কৰাৰ লগতে বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা ব্যৱস্থাসমূহৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/6lztqzaz/fda675cb-43be-40d1-b91f-b0d3d9ab85f8.jpg)
মন্ত্ৰী হাজৰীকাই অসম চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাছী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসহ অন্যান্য বিষয়াসকলৰ লগত বিধায়কসকলৰ পৰা লাভ কৰা পৰামৰ্শসমূহ বিস্তৃতভাৱে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিয়ে। এই ভাৰ্চুৱেল বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বুঢ়ীদিহিং নৈত বিশ্ব বেংকৰ পৰা লাভ কৰা পুঁজিৰে বিভাগে কৰি থকা বান-খহনীয়া নিয়ন্ত্ৰণৰ কামসমূহৰো বিস্তৃত পৰ্যালোচনা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/vzlbvsp2/2021b527-6e59-4c8d-96b6-761f71cc5138.jpg)
মন্ত্ৰী হাজৰীকাই আজিৰ বৈঠকতে উল্লেখ কৰে যে, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বুঢ়ীদিহিং নদীৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা ব্যৱস্থাসমূহ হাতত লোৱা হ'ব ।
Also Read: 'লখিমী'ৰে লুণ্ঠন চলোৱা মামণিৰ কোপদৃষ্টি ইউনিয়ন কো-অপাৰেটিভ বেংকত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us