ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছেঃ পীযুষ হাজৰিকা

মায়ঙৰ মূৰকটাৰ পৰা শিলঘাটলৈ নিৰ্মীয়মাণ প্ৰায় ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ পকী পথ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছেঃ পীযুষ হাজৰিকা

ডিজিটেল সংবাদ,মায়ঙঃ মায়ঙৰ মূৰকটাৰ পৰা শিলঘাটলৈ নিৰ্মীয়মাণ প্ৰায় ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ পকী পথ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমানে সমানে নিৰ্মান হৈ থকা পকী পথৰ কাম আৰু মায়ঙৰ চনকা পৰ্যটন স্থলীৰ ৰাস্তাৰ কামো শনিবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

জাগীৰোডৰ বুৰগাঁৱত চলি থকা এই কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ এই কামৰ জৰিয়তে জাগীৰোড আৰু লাহৰিঘাট সমষ্টিত বান, গৰাখহনীয়াৰ সমস্য সমাধান হোৱাৰ লগতে সুচল যাতায়াত ব্যৱস্থা গঢ়ি উঠিব বুলিও কয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷

আনহাতে ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দল একগোট হোৱা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অস্তিত্ব নোহোৱা দলসমূহক কেৱল সংখ্যালঘু অধ্যুষিত সমষ্টি লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ১২ খন আসন আৰু বিধানসভা নিৰ্বাচনত ১০০ খন বিজেপি দলে লাভ কৰিব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে তেওঁ কয় যে "ভূপেন বৰাই নাজানে Political Mathematics ৷ সেয়ে ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছে ৷" এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছেঃ পীযুষ হাজৰিকা
খেলো ইণ্ডিয়া এথলেটিকছত উজলিল কলিয়াবৰৰ অংকিতা শইকীয়া

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in