নগাঁৱত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

author-image
Asomiya Pratidin
New Update
নগাঁৱত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা

pijus hazarika

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই বৰ্ষত নগাঁও জিলাৰ ১৩১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । মন্ত্ৰী পীযুষ হাজৰিকাই আজি আনুস্থানিকভাৱে জিলাখনৰ ছয় গৰাকী বঁটা প্ৰাপকক আনন্দৰাম বঁটাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

Advertisment



pijus hazarika
pijus hazarika

বঁটা প্ৰদান অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যি ক্ষেত্ৰতে নাথাকক কিয় দায়বদ্ধতাৰে কাম কৰিব লাগে । সমাজত ভাল ডাক্তৰ, ইঞ্জিনিয়াৰৰ সমানে সমানে ভাল ৰাজনীতিবিদ, ভাল মন্ত্ৰী-বিধায়কৰো প্ৰয়োজন আছে বুলি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই সকলোকে একোটা আদৰ্শ ৰাখি কাম কৰি যাবলৈ আহ্বান জনায় ।

আনহাতে Google, Microsoft, Twitter আদি বিশ্বৰ আগশাৰীৰ প্ৰতিস্থানত ভাৰতীয় মূলৰ ব্যক্তিয়ে শীৰ্ষস্থানীয় পদবী লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে আমাৰ দেশতো বহু প্ৰতিভাই দেশ বিদেশৰ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে ।

pijus hazarika
pijus hazarika

নগাঁৱৰ আজিৰ অনুষ্ঠানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুখ্য অতিথি হিচাপে উপস্থিত থকা আনন্দৰাম বৰুৱা বঁটাপ্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।আনহাতে নগাঁৱত আজিৰ বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী হাজৰিকাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু জিতু গোস্বামীও উপস্থিত আছিল ।

assam award pijus hazarika hslc