ফণীভূষণৰ দাবীঃ অগপই পাব ২খন আসন…

ফণীভূষণৰ দাবীঃ অগপই পাব ২খন আসন…

author-image
asomiyapratidin
New Update
ফণীভূষণৰ দাবীঃ অগপই পাব ২খন আসন…

ফাইল ফটো

ডিজিটেল ডেস্কঃ এইবাৰ লোকসভা নিৰ্বাচনত অগপই ২ খন আসন পাব। সেয়া নিশ্চিত কৰিলে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। তেওঁ কয়- বৰপেটা সমষ্টিত জয়ী হ'ব অগপ প্ৰাৰ্থী। বিজেপিৰ সৈতে নিৰ্বাচনত মিত্ৰতা কৰি দলটোৱে যে ভাল কৰিলে তাৰ প্ৰমাণ ৰাইজে ২৩ মে'ত পাব।

ইফালে, অগপৰে মিত্ৰতা কৰি অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ৩খনত প্ৰতিদ্বন্দ্বিতা কৰা অগপ দলৰ বাবে ভাল ফলাফলক আহিব বুলি বিশ্বাসী চৌধুৰী। এই নিৰ্বাচনত অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটে ভাল ফলাফল লাভ কৰিব বুলি তেওঁ কয়। কংগ্ৰেছে ৫-৬খন আসন লাভ কৰিব বুলি দাবী সন্দৰ্ভত মন্তব্য কৰি ফণীভূষণ চৌধুৰীয়ে কয় যে- কোনো পধ্যেই কংগ্ৰেছে অসমত ইমান আসন লাভ নকৰে। কংগ্ৰেছে নিৰ্বাচনৰ আগত ক'ব লাগে বাবে এই দাবী কৰিছে বুলি কৈ ফণীভূষণ চৌধুৰীয়ে তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পৰাজয় হ'ব বুলিও ইংগিত দিয়ে।