ডিজিটেল ডেস্ক : জনতা ভৱনৰ মিনিষ্টাৰ কল’নিত বিজেপি নেতা অসীম কুমাৰ দাসৰ নেতৃত্বত চলি থকা দালালৰাজক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে। কিন্তু এই দালালৰ জনতা ভৱনলৈ অহাৰ বাট মুকলি কৰি দিয়াৰ প্ৰসংগত চৰ্চালৈ আহিছে মন্ত্ৰী যোগেন মহনৰ অ’ এছ ডিৰ নাম। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মন্ত্ৰী যোগেন মহন।
মন্ত্ৰীগৰাকীৰ অ’ এছ ডিয়ে অসীম কুমাৰ দাসক দিয়া এণ্ট্ৰি পাছ লৈ এখন বগা ফৰচুনাৰ বাহনেৰে জনতা ভৱনলৈ সঘন আহ- যাহ চলিছিল। ইফালে এই দুৰ্নীতিৰ চক্ৰৰে মন্ত্ৰী যোগেন মহনৰ অ’ এছ ডিৰ নাম সাঙোৰ খোৱাৰ পাছতে মুখ খুলিছে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীয়ে এইধৰণৰ ঘটনা সংঘটিত হোৱাত দুখ প্ৰকাশ কৰে। তেঁও কয় যে যিটো ঘটনা ঘটিছে, এই ঘটনাৰ সময়ত তেঁও দিশপুৰ নাছিল। মন্ত্ৰীগৰাকীৰ অজ্ঞাতে অ’ এছ ডিয়ে এণ্ট্ৰি পাছ দিয়া বুলি কোৱাৰ লগতে তেখেতৰ অ’ এছ ডিগৰাকীয়ে ভুল কাম কৰা বুলি মন্তব্য কৰে।
দলৰ বিষয়বাবত থকাৰ বাবেহে অ’ এছ ডিয়ে এণ্ট্ৰি পাছ দিবলৈ বাধ্য হোৱা বুলি প্ৰসংগক্ৰমে মত ব্যক্ত কৰে। ইফালে মন্ত্ৰীগৰাকীৰ অজ্ঞাতে এনে কাণ্ড কৰাৰ বাবে অ’ এছ ডিগৰাকীক কৰ্মৰ পৰা অৱ্যাহতি দিয়া বুলি মন্ত্ৰী যোগেন মহনে ভাষ্য প্ৰদান কৰে। লগতে এই ঘটনাৰ উচিত তদন্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দিশপুৰৰ মন্ত্ৰীৰ আবাসত থকা চৰকাৰী বাসভৱনত প্ৰৱঞ্চক অসীম কুমাৰ দাসে বহিঃ ৰাজ্যৰ বাৱসায়ীৰে ঠিকাৰ কাম- কাজৰ দৰ দাম কৰিছিল। তাৰোপৰি এইগৰাকী অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম কুমাৰ দাসে এক সংগঠিত নেটৱৰ্ক গঢ়ি নয়ডা, বেংগালুৰুৰ ব্যৱসায়ীক আদিবাসী উন্নয়ন পৰিষদৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দি লাখ লাখ টকা ঘটাৰ অভিযোগো উত্থাপিত হৈছে।