/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/78c6eebb-0590-467c-bea3-2f13849d48de/jayanta_da.jpg)
জয়ন্ত মল্লবৰুৱাৰ গোপালকৰ সৈতে মত বিনিময়
ডিজিটেল ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই শনিবাৰে ৰাজধানীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত গোশালা আৰু দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্রতিনিধিসকলৰ সৈতে স্বচ্ছ ভাৰত অভিযান(গ্রাম্য)-ৰ অন্তর্গত 'গোবর্ধন' আঁচনিৰ সন্দৰ্ভত মত বিনিময় কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/37866d52-59fc-4f11-9ac1-a05265795439/45015ef6_99bb_430c_a65f_bfc7a9f47259.jpg)
কেন্দ্রীয় চৰকাৰৰ এই অভিলাষী আঁচনিৰ বিষয়ে ব্যাখ্যা কৰি মন্ত্রী গৰাকীয়ে কয় যে গোবর্ধন (Galvanising Organic Bio-Agro Resource Dhan) প্রকল্প হৈছে গ্ৰাম্যাঞ্চলত গোবৰ আৰু গোটা কৃষিজনিত পেলনীয়া সামগ্ৰী (নৰা, তুঁহ, বিভিন্ন শস্যৰ অৱশিষ্ট আদি) প্রচেছিঙৰ দ্বাৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপৰিও শক্তি আৰু ধন আহৰণ কৰা ৷ উদাহৰণ স্বৰূপে সামূহিক গো-পালকসকলে গোবৰৰ প্রচেছিঙৰ দ্বাৰা বায়'গেছ আৰু লগতে জুলীয়া ভাগটোৰ পৰা কীটনাশক দ্ৰব্য উৎপাদন কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
আজিৰ এই বিশেষ আলোচনাত ৰাজ্যখনৰ ২১খন জিলাৰ মুঠ ২৪ খন গোশালা আৰু দুগ্ধ উৎপাদক সমিতিৰ প্রতিনিধিসকলে ভাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/66a07e1f-55b6-4c16-8b3c-58c142ebb502/5f594893_e28b_42a6_97ca_7b911aa498b5.jpg)
উল্লেখযোগ্য যে, গোবৰ্ধন আঁচনি স্বচ্ছ ভাৰত মিছন গ্ৰামিন-পৰ্যায় ২ৰ অধীনত ৰূপায়ণ কৰা হৈছে ৷ যিয়ে মূলতঃ কৃষকৰ আয় বৃদ্ধি আৰু জৈৱ আৱৰ্জনাক সংকোচিত জৈৱ গেছলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ উদ্দেশ্যে এয়ে যে গাঁৱত পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা আৰু গৰু-ম’হৰ গোবৰ আৰু কঠিন কৃষি আৱৰ্জনাক জৈৱ গেছ, পচন সাৰ আৰু জৈৱ গোবৰলৈ ৰূপান্তৰিত কৰি সম্পদ আৰু শক্তি উৎপাদন কৰা, যাৰ যোগেদি জনগোষ্ঠীসমূহৰ জীৱিকাৰ মানদণ্ড উন্নত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f6623f1b-ce06-4920-bd78-c2dc387fd12e/eba00ce7_8851_4679_bf8b_378e7a7a5ed5.jpg)
অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব চৌয়েদিন আব্বছি , স্বচ্ছ ভাৰত অভিযান(গ্রামীণ)-ৰ মিছন ডাইৰেক্টৰ শ্রী বিক্রম কৈৰী, জলজীৱন মিছনৰ মিছন ডাইৰেক্টৰ শ্রী কৈলাশ কার্তিক ডাঙৰীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব শ্রী দিগন্ত বৰুৱা ডাঙৰীয়া, জনস্বাস্থ্য কাৰিকৰী (অনাময়) বিভাগৰ মুখ্য অভিযন্তা শ্রী বিল্যা মংগল ৰয় ডাঙৰীয়া তথা অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে ৷
Also Read: মহাৰাষ্ট্ৰত কৃষকৰ জয়, ক্ষতিপূৰণ দিবলৈ বাধ্য সিন্ধে চৰকাৰ...