বকোৰ কোভিড কেয়াৰ চেন্তাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা…

বকোৰ কোভিড কেয়াৰ চেন্তাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা…

author-image
asomiyapratidin
New Update
বকোৰ কোভিড কেয়াৰ চেন্তাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা…

বকোৰ কোভিড কেয়াৰ চেন্তাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা…

Advertisment

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত সোমবাৰে ৰাজ্যৰ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ কুইন ওজাই কোভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে । ৪৮নং বকো বিধানসভা সমষ্টিৰ বকো হাইস্কুলৰ কোভিড ভেকচিন কেন্দ্ৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপস্থিতহৈ বকোৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীক কোভিড কেন্দ্ৰটোত সূচাৰুৰূপে ভেকচিন দিয়াৰ বাবে প্ৰশংসা কৰে । লগতে বৰ্তমানলৈকে ৩ লাখ ৯০হাজাৰ গৰাকী লোকক কামৰূপ গ্ৰাম্য জিলাত ভেকচিন দিয়া হৈছে বুলি পৰিবহন মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

ক্লিক কৰি পঢ়কঃ সুলভ মূল্যৰ চাউল যোগানৰ ভয়াবহ কেলেংকাৰী…

সম্প্ৰতি ৰাজ্যত কোভিড ভেকচিনৰ নাটনি অনতিপলমে দূৰ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰাৰ লগতে সোমবাৰেই মন্ত্ৰীগৰাকীয়ে বকোৰ লগতে ছয়গাঁও আৰু আজৰাৰ কোভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰা বুলি জানিবলৈ দিয়ে ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বকোৰ বিধায়িকা নন্দিতা দাস, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কৰ্তিককে ধৰি চিকিৎসা বিষয়া কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰে ।