বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা ক’লে মন্ত্ৰী অতুল বৰাই…

বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা ক’লে মন্ত্ৰী অতুল বৰাই…

author-image
asomiyapratidin
New Update
বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা ক’লে মন্ত্ৰী অতুল বৰাই…

ডিজিটেল সংবাদ,নগাঁও: ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ বাবে কৰিব কমিউনিটি নাৰ্চাৰী ৷ বিশেষকৈ বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে ল'ব এনে পদক্ষেপ ৷ কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে বুজন সংখ্যক কঠিয়া উৎপাদন কৰি ৰবি শস্য কৰাত গুৰুত্ব প্ৰদানৰ পৰিকল্পনা কৰিছে কৃষি বিভাগে ৷ বুধবাৰে নগাঁৱত বৰ্ন্যাতৰ কাষত উপস্থিত থাকি এই ঘোষনা কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ মন্ত্ৰী বৰাই পুৱা বিধায়ক ৰূপক শৰ্মাক লগত লৈ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বানবিধস্ত এলেকাত উপস্থিত হয় ৷

বৰপাঠৰি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৪৩১ নং ননৈ উৰিয়াগাঁও প্ৰাইমেৰী স্কুল আদিত আশ্ৰয় লৈ থকা বৰ্ন্যাতৰ কাষত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই বিধায়ক ৰূপক শৰ্মাক প্ৰশংসা কৰি কয় যে বিধায়কে আশ্ৰয় শিবিৰত থকা লোকক সহায় কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰিছে ৷ বানৰ বাবে মানুহৰ বহুত সমস্যা হৈছে ৷ মঙ্গলবাৰৰ পৰা মন্ত্ৰী অতুল বৰাই নগাঁৱত বাহৰ পাতি বানপৰিস্থিতি পৰ্যবেক্ষন কৰি আছে ৷

কৃষি মন্ত্ৰী বৰাই দেওধৰ ,হাঁহিলা, জাগিয়াল,তুলসীদেউৰী,দক্ষিণপাট, পাখিমৰীয়া ,বৰক'লা আদি বিভিন্ন বানবিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে ৷ বুধবাৰে মন্ত্ৰী গৰাকীক বানবিধ্বস্ত অঞ্চল ভ্ৰমণত সংগদান কৰে বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে,জিলা কৃষি বিষয়া তৰুন হাজৰিকা, অগপ নেতা বিষ্ণু দাস আদিয়ে ।

আৰু পঢ়ক: মঙলদৈত যি কোনো সময়তে বন্ধ হ'ব পাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ…

nagaon flood assam ATUL BORA