নগাঁৱত সখী এক্সপ্ৰেছ আচঁনিৰ অধীনত স্কুটি বিতৰণ মন্ত্ৰী অশোক সিংঘালৰ…

নগাঁৱত সখী এক্সপ্ৰেছ আচঁনিৰ অধীনত স্কুটি বিতৰণ মন্ত্ৰী অশোক সিংঘালৰ…

author-image
asomiyapratidin
New Update
নগাঁৱত সখী এক্সপ্ৰেছ আচঁনিৰ অধীনত স্কুটি বিতৰণ  মন্ত্ৰী অশোক সিংঘালৰ…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাত প্ৰায় ত্ৰিশহাজাৰ হেক্টৰ কৃষিভূমি খৰাঙৰ বাবে চিৰালফাট দিয়াৰ ঘটনাক জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বুলি মন্তব্য কৰিলে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে ৷ নগাঁৱত একাধিক চৰকাৰী কাৰ্যসূচী লৈ নগাঁৱলৈ অহা মন্ত্ৰী সিংঘালৰ মতে পূৰ্বতে অসমত পানীৰ সমস্যা নাছিল ৷ বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বাবে এনে পৰিস্থিতি হৈছে ৷ জলসিঞ্চনৰ ব্যৱস্থা লাগে খৰালি সময়ত ৷ পূৰ্বতে এনে সময়ত ধান খেতি কৰিবলৈ পানীৰ অভাব হোৱা নাছিল ৷ অহা দিনবোৰত আমি ব্যৱস্থ লৈ আছো ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে জলসিঞ্চনৰ ব্যৱস্থ গ্ৰহণ কৰিবলৈ ৷

Advertisment

জলসিঞ্চন, গৃহ-নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে পুৱাতে নগাঁৱত উপস্থিত হয় ৷ মন্ত্ৰী সিংঘালে অমৰুট আচঁনিৰ ধনেৰে নিৰ্মিত তিনিখনকৈ উদ্যান মুকলি কৰে ৷ ইয়াৰ পিছতে সখী এক্সপ্ৰেছ আচঁনিৰ অধীনত নগাঁও জিলা প্ৰশাসনে আয়োজন কৰা স্কুটি প্ৰদানৰ এক অনুষ্ঠানত অংশ লয় ৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ৪০৫ গৰাকী সামূহিক কৰ্মীৰ মাজত মন্ত্ৰীজনে স্কুটি বিতৰন কৰে ৷

এই কাৰ্যসূচীৰ বাহিৰেও গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিংঘালে নগাঁৱত ৰূপায়িত হ'ব লগা অমৰুটৰ অধীনৰ বিশুদ্ধ খোৱাপানীৰ আচঁনিখন কাম -কাজ পৰ্যবেক্ষণ কৰে ৷ মন্ত্ৰীজনৰ এই কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , বিষয়া কবিতা পদ্মনাভন , জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ আদি উপস্থিত থাকে ৷

nagaon hbs assam ashok singhal