নগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম,অগপক দিলে ৪টা ৱাৰ্ড

নগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম,অগপক দিলে ৪টা ৱাৰ্ড

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিজিটেল সংবাদ , নগাঁও : নগাঁও পৌৰসভাৰ বাবে বিজেপিয়ে ঘোষনা কৰিছে প্ৰাৰ্থীৰ নাম ৷ ২৬ টা ৱাৰ্ডৰ ২২ টা ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থী আগবঢ়াইছে আৰু ৪ টা ৱাৰ্ডত মিত্ৰদল অগপক এৰি দিছে ৷

বিজেপিয়ে ঘোষনা কৰা প্ৰাৰ্থী সকল হৈছে ১ নং ৱাৰ্ডত মল্লিকা সুত্ৰধৰ , ২ নংত বুলবুলি সাহা , ৩ নংত নবস্মৃতা মেধি বৰা , ৪ নংত হেমা ঝানৱাৰ , ৫ নংত গজেন বৰা , ৬ নং ত নিতুমনি বৰা , ৭ নংত অলকমণি ভট্টাচাৰ্য , ৮ নংত সীমান্ত বৰা , ৯ নংত অৰূপ বৰদলৈ , ১০ নংত বেদশ্ৰী বৰঠাকুৰ বেজবৰুৱা , ১১ নংত বিজয় গুপ্তা , ১২ নংত জাকিৰ হুছেইন চৌধুৰী , ১৪ নংত মলয় বৰা , ১৬ নংত কিশোৰ দাস , ১৭ নংত স্বপ্না লোড , ১৮ নংত সুব্ৰত দত্ত , ১৯ নংত চিম্পী বৰা , ২১ নংত সুভাংকৰ সুত্ৰধৰ , ২২ নংত দীপ লিগিৰা , ২৩ নংত গোপাল শইকীয়া , ২৫ নংত শোনিয়া দত্ত আৰু ২৬ নংত অম্বিকা মজুমদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷

বিজেপিয়ে অগপক এৰি দিয়া নগাঁও পৌৰসভাৰ ৱাৰ্ড কেইটা হৈছে ১৩ , ১৫ , ২০ আৰু ২৪ নম্বৰ ৱাৰ্ড ৷ অগপই এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম।

nagaon assam