আন এক মাধমাৰ! শাক-পাচলিৰ পাছত এইবাৰ মূল্য বৃদ্ধি গাখীৰৰ

আন এক মাধমাৰ! শাক-পাচলিৰ পাছত এইবাৰ মূল্য বৃদ্ধি গাখীৰৰ

author-image
asomiyapratidin
New Update
আন এক মাধমাৰ! শাক-পাচলিৰ পাছত এইবাৰ মূল্য বৃদ্ধি গাখীৰৰ

ডিজিটেল ডেস্কঃগুৱাহাটীৰ লগতে আন ৰাজ্যবাসীৰ ওপৰত আন এক মাধমাৰ। প্ৰেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ উপৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে কুঙা কৰিছে ৰাইজক। শেহতীয়াকৈ শিশুসহ সকলোৰ বাবে অতিকে প্ৰয়োজনীয় গাখীৰৰো হ'ল মূল্য  বৃদ্ধি।

Advertisment

১ আগষ্ট সোমবাৰৰ পৰা পূৰ্বৰ সকলো অভিলেষ ভংগ কৰি একে দিনাই ৪ টকাকৈ বৃদ্ধি কৰা হৈছে গাখীৰৰ মূল্য। এই সিদ্ধান্ত বৃহত্তৰ গো-পালক সন্থাৰ। উল্লেখ্য যে পূৰ্বে ১টকা ২টকাকৈ বাঢ়ি গাখীৰৰ মূল্য হৈছিলগৈ ৫৬ টকা।

আজিৰ পৰা ৫৬ টকীয়া গাখীৰ লিটাৰে প্ৰতি ৬০ টকাত ক্ৰয় কৰিব লগীয়া হৈছে গ্ৰাহকে। কেৱল গুৱাহাটী মহানগৰীতে ইয়াৰ ফলত শিশু, কিশোৰ আৰু ৰুগ্ন লোকসকলৰ বাবে অত্যাৱশ্যকীয় গাখীৰৰ বাবত মহানগৰবাসীয়ে প্ৰতিদিনে ৩০ লাখৰো অধিক টকাৰ বোজা বহন কৰিব লাগিব।

আনহাতে, দুগ্ধ পালক সন্থাৰ জড়িয়তে এই সিদ্ধান্ত ল'লেও এনে মূল্য বৃদ্ধিয়ে দুগ্ধ পালক অথবা স্থানীয় দুগ্ধ বিতৰক সংস্থাক লাভৱান কৰাৰ বিপৰীতে আমোলৰ দৰে ৰাজ্যৰ বাহিৰৰ সংস্থাক সবাটোকৈ লাভৱান কৰিব। কিয়নো মহানগৰী তথা ৰাজ্যৰ মুঠ চাহিদাৰ ৬০ শতাংশৰো অধিক দুগ্ধৰ যোগান ধৰে আমোলৰ দৰে সংস্থাই।

যাৰ মুখ্য কাৰ্যালয় বাহিৰত হোৱাই  নহয় অসমত এই সমবায় সংস্থআটোৰ দ্বাৰা প্ৰতি প্লিত এজনীও গৰু নাই। সেয়ে এনে মুল্য বৃদ্ধি এফালে ৰাজ্যৰ গ্ৰাহকৰ বাবে মাধমাৰ আৰু এফালে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰতো মাধমাৰ।

ইয়াৰ উপৰিও এভৰিদেৰ দৰে বহিৰাগত গাখীৰৰ সংস্থাইও মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ভুমিকা গ্ৰহণ কৰাটো এক বিষয়। এনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰাটো উল্লেখনীয়।

assam guwahati himanta biswa sarma