মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ উত্তাল প্ৰতিবাদ

মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ উত্তাল প্ৰতিবাদ

author-image
asomiyapratidin
New Update
মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, চিৰাং: সোমবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহত নূন্যতম মাননিৰ বিনিময়ত বছৰ পিছত বছৰ ধৰি কাম কৰি অহা মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী সকলক বঞ্চিত কৰি ব্যৱসায়িক তথা ব্যক্তিগত সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত তাৎক্ষনিক ভাবে বাতিল কৰা, সমস্ত বকেয়া মাননি সোনকালে মোকলাই দিয়া, চৰকাৰৰ নুন্যতম মজুৰি আইনৰ আধাৰত ৰন্ধনকৰ্মীৰ মাননি নিৰ্ধাৰণ কৰা, কামৰ নিৰাপত্তা, পেঞ্চন, চিকিৎসা সাহাৰ্য্যকে ধৰি সামাজিক সুৰক্ষা ব্যৱস্থা কৰা আৰু মাননি মাহৰ প্ৰথম সপ্তাহতে আদায় দিয়া মুঠ পাঁচ দফীয়া দাবীৰে প্ৰতিবাদ কৰে।

কাজলগাঁও বজাৰ গৃহৰ পৰা সহস্ৰাধিক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী সকলে এক প্ৰতিবাদী সমদল উলিয়াই জিলা সৰ্বশিক্ষা কাৰ্য্যালয়ৰ সন্মূখত ৰন্ধন কৰ্মী সকলে একত্ৰিত হৈ তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।

পৰবৰ্ত্তী সময়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, চিৰাং জিলা সমিতিৰ পৰা সৰ্বশিক্ষা ডিএমচি ৰ জড়িয়তে ৰাজ্যৰ মুখমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

আৰু পঢ়ক: বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চাওঁতাল ছাত্ৰ সন্থাৰ

assam chirang protest