মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া, বহুকেইগৰাকী অসুস্থ...

চৰাইদেউ লেঙিবৰ ১৯১ নং বাকুপুখুৰী মজদুৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া ।
মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া, বহুকেইগৰাকী অসুস্থ...

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ লেঙিবৰ ১৯১ নং বাকুপুখুৰী মজদুৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া ।

খাদ্যত বিষক্ৰিয়া হৈ বিদ্যালয়ৰ ২৭ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুত্বভাৱে অসুস্থ হৈছে । অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক লাকুৱা আদৰ্শ চিকিৎসালয়ত ভৰ্তি ।

বৃহস্পতিবাৰে দুপৰীয়া মধ্যাহ্ন ভোজনৰ লগত ছাত্ৰ-ছাত্ৰীক তৰমুজ খাবলৈ দিয়াৰ ফলত খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ ৰাইজৰ।

খাদ্য খোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকল বমি, পেটৰ বিষ আৰু মূৰ ঘূৰণিত আক্ৰান্ত হৈছিল ৷

বৰ্তমানে চিকিৎসকে তেওঁলোকৰ চিকিৎসা অব্যাহত ৰখা লগতে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী বিপদমুক্ত বুলি জানিবলৈ দিছে ৷

মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া, বহুকেইগৰাকী অসুস্থ...
বহু গুৰতৰ ৰোগৰ ঔষধ আদা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in