/asomiyapratidin/media/media_files/2025/03/04/VVGU1e1EIec0hPG1xUcx.png)
সজাগতা সভা
ডিজিটেল সংবাদ, বটদ্ৰৱা: ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (Micro, Small & Medium Enterprises, MSME) খণ্ড অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ। এই খণ্ডই নিয়োগ সৃষ্টিৰ লগতে দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা পালন কৰে। কৃষিৰ পাছতেই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ড (MSME)ই কম মূলধনৰ ব্যয়ত বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰি ৰাজ্য তথা দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে।
ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ লক্ষ্যৰে এম এছ এম ই মন্ত্ৰণালয়ৰ উদ্যোগত ডনাৰ মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৱ হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগমৰ সৌজন্যত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় এক সজাগতা সভা। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক তথা অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ আশ্বিক ইলাহীয়ে আঁত ধৰে অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে প্ৰতীম নাথ, প্ৰাঞ্জল ৰাজখোৱাই। "ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই)ৰ বৃদ্ধিত অৰিহণা যোগাবলৈ ছাত্ৰ ছাত্ৰী সকলক উদ্যোগীকৰণৰ জগতখন অন্বেষণ কৰি জ্ঞান, দক্ষতা আৰু প্ৰেৰণাৰে সৱলীকৰণ হবলৈ আহ্বান জনাই ৰাজখোৱাই।
"অসমৰ অধিকাংশ লোকৰে উদ্যমী হোৱাৰ মানসিকতাৰ অভাৱ। নিয়োগ বা আত্মসংস্থাপনৰ পর্যাপ্ত সুযোগ-সুবিধা থকাৰ পাছতো কামৰ সন্ধানত অসমৰ যুৱক-যুৱতীৰ মাজত বহিঃৰাজ্যলৈ যোৱাৰ প্রবণতা অব্যাহত আছে। কিন্ত প্রত্যাহ্বান অতিক্রম কৰি নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ উদ্যমী হবলৈ সকলো আগবাঢ়ি আহাটো প্ৰয়োজন।" এইবুলি মন্তব্য কৰে আন এগৰাকী সমল ব্যক্তি প্ৰতীম নাথে । সাংবাদিক দিব্যজ্যোতি বৰুৱায়ো "পৰম্পৰাগত চিন্তা পৰিহাৰ কৰি ব্যতিক্ৰমী কাৰ্যপন্থাৰে আগবাঢ়িয়ে সফল উদ্যোগী হব পাৰি।" বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই, অধ্যাপক অসীম চক্ৰবৰ্তী, নাচৰিন আহমেদ, ড০ প্ৰাঞ্জলী মহন্ত, নাচৰিন আহমেদ, প্ৰণামিকা গোস্বামী, কৰ্মচাৰী বিনোদ চন্দ্ৰ বৰাৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।