ৰাইডঙীয়াত ক্ষুদ্ৰ উদ্যোগৰ দক্ষতা আৰু উদ্যমীতাৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়াত ক্ষুদ্ৰ উদ্যোগৰ দক্ষতা আৰু উদ্যমীতাৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় উদ্যমীতা সংস্থা (ENTREPRENEURSHIP DEVELOPMENT INSTITUTE OF INDIA) উদ্যোগত স্বেচ্ছাসেৱী সংগঠন টাস্ক (TASK)ৰ সহযোগত ৰাইডঙীয়াত পানী মেটেকাত পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব। ৰাজ্যৰ নৈ বিল, জলাশয়ত প্ৰচুৰ পৰিমাণে উপলব্ধ পানী মেটেকাৰ পৰা নিৰ্মিত বেগ, পুতলা, ফুলদানী আদি সামগ্ৰীৰ ৰাজ্য-বহিঃৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ব্যপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উদ্যমীতা সংস্থাই গ্ৰাম্যাঞ্চলৰ উদ্যমী লোকসকলক ইয়াৰ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

Advertisment

তাৰেই অংশ হিচাপে আজিৰে পৰা ৰাইডঙীয়াৰ মিহিৰাম আতা পুথিভৰালত আৰম্ভ হৈছে পানী মেটেকাত পৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ। আইমাতৃ নিৰু বৰদলৈয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত ভাৰতীয় উদ্যমীতা সংস্থাৰ উত্তৰ পূৱৰ প্ৰকল্প বিষয়া প্ৰাঞ্জল ৰাজখোৱাই উপস্থিত ৰাইজক এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰি কৌশল সমূহ আয়ত্ব কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ আদৰ্শ হ'বৰ বাবে আহ্বান জনায়।

জনপ্ৰিয় অভিনেতা গৌৰৱ বৰা, প্ৰকল্প সমন্বয়ক গৰিমা শৰ্মা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, শংকৰজ্যোতি শৰ্মাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত ৰাইডঙীয়া অঞ্চলৰ বোৱাৰী, যুৱতী সহ শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, পানী মেটেকাৰ পৰা সামগ্ৰী নিৰ্মাণৰ এই প্ৰশিক্ষণ কাৰ্য্যসূচী এমাহজুৰি চলিব।

Batadrawa assam