পঞ্চায়ত নিৰ্বাচনঃ গোলাঘাটত শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

গোলাঘাট বিধানসভা সমষ্টিৰ ১৩ নং তৰানি জিলা পৰিষদত ভয় ভাবুকিৰে শাসনাধিষ্ঠ বিজেপি দলে ভোটভিক্ষা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত নিৰ্বাচনত

author-image
Asomiya Pratidin
New Update
hjjিিি

ডিজিটেল সংবাদ, মেৰাপানীঃ  গোলাঘাট বিধানসভা সমষ্টিৰ ১৩ নং তৰানি জিলা পৰিষদত ভয় ভাবুকিৰে শাসনাধিষ্ঠ বিজেপি দলে ভোটভিক্ষা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক ভোটদান নকৰিলে চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি দিছে বিজেপি নেতা পালিনেতাই।

ইতিমধ্যে এনে ভাবুকিভৰা এটা ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই সন্দৰ্ভত ১৩ নং তৰানি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যাদৱ শইকীয়াই বিজেপি দলৰ এনে সস্তীয়া ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিষয়টো নিৰ্বাচনী আয়োগক দৃষ্টিগোচৰ কৰিব বুলি জানিবলৈ দিয়ে।

 কংগ্ৰেছ প্ৰাৰ্থী যাদৱ শইকীয়াই জানিবলৈ দিয়া মতে গমাৰি মণ্ডল বিজেপিৰ সম্পাদক খগেন শইকীয়াই বিজেপি প্ৰাৰ্থীক ভোট নিদিলে আঁচনিৰ পৰা নাম কাটি দিয়াৰ ভাবুকি দিছে নিৰ্বাচনী সভাসমূহত।

কংগ্ৰেছ