উদ্বোধন কৰাৰ এমাহৰ পাছতেই বন্ধ হৈ পৰিল পানী যোগান আঁচনি

 উদ্বোধন কৰাৰ এমাহৰ পাছতেই বন্ধ হৈ পৰিল পানী যোগান আঁচনি

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত বগা হাতীত পৰিণত হৈছে গোলাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কোটি টকীয়া জল জীৱন আঁচনি। উদ্বোধন কৰা এক মাহৰ পাছতেই বন্ধ হৈ পৰিল বিশুদ্ধ পানী যোগান আঁচনি।

প্ৰায় দুমাহৰ পূৰ্বে মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰা মেৰাপানী পঞ্চৱতী পানী যোগান আঁচনি বিগত পোন্ধৰ দিনে বন্ধ হৈ পৰাত বিপাঙত পৰিছে পঞ্চৱতী গাঁৱৰ ৰাইজ। গাওঁখনৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালে পানী যোগান আঁচনিৰ পৰা পানীৰ সুবিধা লাভ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলত বন্ধ হৈ পৰে পানী যোগান আঁচনিটো।

১ কোটি ২১ লাখ ৪৯ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাৰ্ণ কৰা পানী যোগান আঁচনি মাত্ৰ তিনি মাহতেই পৰিণত হ'ল বুমেৰাঙত। উল্লেখযোগ্য যে মেৰাপানীৰ ভকত গাঁও, পঞ্চৱতী গাঁওৰ লগতে কেইবাটাও জল জীৱন মিছনৰ পানী যোগান আঁচনি বন্ধ হৈ পৰিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজে দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই এই পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰি দিবৰ বাবে আহ্বান জনাইছে।

 উদ্বোধন কৰাৰ এমাহৰ পাছতেই বন্ধ হৈ পৰিল পানী যোগান আঁচনি
প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in