/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/513309aa-8f98-42f2-890a-02e1a4e21194/bf5ee55e-bae7-4854-84c8-7d8ad2d08fdb.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতিৰ। নাগালেণ্ডৰ পৰা নামি অহা পানীৰ সোঁতে মেৰাপানীৰ চাংখাটি অঞ্চলৰ কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে।
ইতিমধ্যে পানীৰ তলত ডুব গৈছে চাংখাটি, কল্যাণপুৰ,শান্তিপুৰ, দয়ালপুৰে ধৰি কেইবাখনো গাঁও। গাঁওকেইখনৰ শতাধিক পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ লগতে শ শ বিঘা কৃষিভূমি পানীত ডুব যোৱাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। বাঢ়নী পানীয়ে চাংখাটি ৰতনপুৰ সংযোগী পকীপথটো প্লাৱিত কৰাৰ পৰিণতিত ইতিমধ্যে পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে।
উল্লেখযোগ্য যে, বিগত দুই তিনিদিন ধৰি নাগালেণ্ডত প্ৰচুৰ বৰষুণ হোৱাৰ বাবে অসমৰ ভৈয়াম অংশলৈ পানীৰ সোঁত বৈ অহাৰ বাবেই অঞ্চলটোত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণৰ পৰিমাণ হ্ৰাস নাপালে অঞ্চলটোৰ বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা কৰা গৈছে।
Also Read: মন্দিৰলৈ ওলাই যোৱা ছোৱালীজনী উভতি নাহিল! কাপোৰেৰে বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...