মেৰাপানীত উৎকট গৰমৰ বাবেই এজনৰ মৃত্যু

উৎকট গৰমৰ বাবেই এজনৰ মৃত্যু। মেৰাপানীত পুখুৰীত গা ধুৱলৈ গৈ পানীত ডুবি এজন লোকৰ মৃত্যু হয় মঙলবাৰে

author-image
Asomiya Pratidin
New Update
মেৰাপানীত উৎকট গৰমৰ বাবেই এজনৰ মৃত্যু

ডিজিটেল সংবাদ,মেৰাপানীঃ উৎকট গৰমৰ বাবেই এজনৰ মৃত্যু। মেৰাপানীত পুখুৰীত গা ধুবলৈ গৈ পানীত ডুবি এজন লোকৰ মৃত্যু হয় মঙলবাৰে। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চলংপথাৰ চাৰিআলিৰ জ'হান মুণ্ডা নামৰ এজন পঞ্চাশ উৰ্ধৰ ব্যক্তিজনৰ মৃত্যুত এতিয়া পৰিয়ালটোত শোকৰ ছাঁ পৰিছে।

Advertisment

সন্ধ্যা পুখুৰীত গা ধুৱলৈ গৈ মৃত্যুক সাৱতি লয় তেওঁ। উৎকট গৰমৰ বাবেই সন্ধিয়া পুখুৰীত গা ধুবলৈ বুলি ব্যক্তিজন যোৱাৰ পাছতেই ঘৰলৈ ঘূৰি নহাত বিচাৰ খোচৰ কৰে পৰিয়ালৰ লোকে। তাৰপাছতে পুখুৰীত উপঙি থকা অৱস্থাত পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰৰ পাছত তেওঁক মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গৰমৰ বাবেই লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰলোকে।

Also Read: শিৱসাগৰৰ বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ