/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/66226f40-6387-4334-a83c-7bdbc9714605/aimu.jpg)
ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানীৰ ১ নং তৰাণিত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু বলেৰ' পিক আপ ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মৃত্যুমুখত পৰিছে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী।
ই-ৰিক্সাৰে নগাবাটৰ আংচুকা বিদ্যাপীঠ বিদ্যালয়লৈ বুলি গৈ থকা অৱস্থাত বলেৰ' বাহনখনৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা ছাত্ৰীগৰাকীৰ নাম নিশিতা সোনোৱাল। ইফালে দুৰ্ঘটনাটোত মূৰত গুৰুতৰভাৱে জখম হোৱা ই-ৰিক্সাখনৰ চালক সুৰেশ সোনোৱাল বৰ্তমান মেৰাপানী সমূহীয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে গোলাঘাটলৈ।
ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ গোলাঘাট সদৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়ত ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা AS 03 BC 8837 নম্বৰৰ বলেৰ' পিক আপ ভানখনৰ লগতে চালক সিদ্ধাৰ্থ গগৈক নিজৰ জিম্মাত লৈছে।
Also Read: মুহূৰ্তে মুহূৰ্তে সলনি হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট