/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/web-koila.jpg)
ডিজিটেল ডেস্ক : কয়লা মাটিত কয়লাৰ অবৈধ খনন নহয়। তাতোতকৈ ভয়ংকৰ ঘটনা ঘটিছে কাৰ্বিআংলং জিলাৰ বেইগাঁও ব্লক এৰিয়াৰ এই কয়লা মাটিৰ ভূগৰ্ভস্থ সম্পদক কেন্দ্ৰ কৰি। ৰাইজৰ নিশ্চয় মনত আছে এই অঞ্চলৰ পৰা অতি গোপনে দীৰ্ঘদিন ধৰি বহি ৰাজ্যলৈ চালান হৈ আহিছিল ক'লা হীৰাতকৈও মূল্যবান মেংগানীজ, কোৱাৰ্টাইজ, চিনিকনাইটকে ধৰি বহুমূলীয়া পাথৰ।
দেশী-বিদেশী কাৰখানাত তৈয়াৰ হৈছিল অতিকে মূল্যবান ফুলদানী, বিভিন্ন পক্ষীৰ বাঁহ, নৃত্যৰতাৰ প্ৰতিমূৰ্তি তথা অন্যান্য সা-সমগ্ৰী। কেইবছৰ মানৰ পূৰ্বে এই কথা পোহৰলৈ অহাৰ পাছত সংবাদ মাধ্যমৰ লগতে পৰিৱেশ কৰ্মী সকলেও ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি বিভিন্ন কৰ্তৃপক্ষলৈ তথ্য প্ৰেৰণ কৰে।
তীব্ৰ জনমতৰ হেঁচাত প্ৰশাসনো এই মূল্যবান সম্পদৰ চোৰাং চালান বন্ধ কৰিবলৈ বাধ্য হয়। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু বতৰ মন্ত্ৰালয়ে আইনসিদ্ধভাৱেই খনন আৰু চালানৰ এই সম্পদ সমূহৰ বেহাৰ অনুমোদন প্ৰদান কৰিছে।
অতি আশ্বৰ্যজনকভাৱে ৰাজ্যিক পৰিৱেশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই উক্ত স্থানৰ কোৱাৰ্টাইজ মাইনিঙৰ বাবে ডেভিদ ফাংচৌ নামৰ এজন লোকক অনুমতি প্ৰদান কৰিছে। নিজকে চিলনীজান থানাৰ চিং তেৰন গাঁৱৰ বাসিন্দা বুলি চিনাকি দিয়া লোকজনৰ প্ৰতিষ্ঠানক ইয়াৰ খনন আৰু উদ্যোগ স্থাপনৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি থকাৰ কোনো যুক্তি নাই বুলিও আশ্বৰ্যজনক এক অনুমতি প্ৰদান কৰিছে।
ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে ফাংচৌৰ প্ৰতিষ্ঠানটোক নিৰ্ধাৰিত এলেকাৰ ইয়াৰ খননক অনুমতি প্ৰদান কৰিছে। ৪৭, ১২০ c.mৰ এই বহুমূলীয়া পাথৰ সংগ্ৰহৰ বাবে ৫ বছৰ বান্ধি দিয়া হৈছে। কিন্তু আশ্বৰ্যকৰ কথাটো হ'ল – যিটো এলেকাত ডেভিদ ফাংচৌক অনুমতি দিয়া হৈছে সেই স্থানত কেৱল কোৱৰ্টাইজে নাই, ওপৰত উল্লেখ কৰা বিভিন্ন ধৰণৰ পাথৰৰ উপৰি অন্যান্য বহুমূলীয়া মিনাৰেলো সেই স্থানত আছে।
আৰু কোৱাৰ্টাইজৰ খননৰ অনুমতিৰ নামত এই সমগ্ৰ সম্পদৰ গৰাকী এতিয়া ডেভিদ ফাংচৌ হৈ পৰিছে। সেই সুবিধা গ্ৰহণ কৰি এই ব্যৱসায়ীজনে কোটি কোটি টকীয়া সম্পদৰ এই ক্ষুদ্ৰ অঞ্চলৰ পৰা লৈ যাবলৈ সক্ষম হ'ব সেয়া নিশ্চিত।
এনে ক্ষেত্ৰত এতিয়া ৰাজ্যচৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিকে লক্ষ্যণীয় হ'ব। আমি আজিৰ প্ৰতিবেদনত ভয়াৱহ পৰিস্থিতিৰ প্ৰাথমিক আভাস মাত্ৰ দিছো। পৰৱৰ্তী প্ৰতিবেদনত বিস্তৃত তথ্য প্ৰকাশ কৰা হ'ব।