/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/sdaaa.jpg)
ডিজিটেল সংবাদ, বাক্সা: বাক্সা জিলাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীৰ তিনিজন যুৱক অৰুনাচল প্ৰদেশৰ ইটানগৰত কাম কৰিবলৈ গৈ ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।
ভকুৱামাৰীৰ হিকমত আলী, জয়নাল আলী আৰু ৰুছতম আলী নামৰ তিনিগৰাকী লোকে একে গাঁৱৰে ছাহাদত আলী আৰু আব্দুল মালেকৰ সৈতে দুমাহ পূৰ্বে কাম কৰাৰ উদ্দেশ্যে গৈছিল ইটানগৰলৈ ।
ইটানগৰ গৈ পোৱাৰ পিছত এসপ্তাহ ফোনত যোগাযোগ হৈছিল যদিও পৰৱৰ্তী সময়ত যোগাযোগ বিচ্ছিন্ন হয় আৰু আজিলৈ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে ।এই সন্দৰ্ভত আনন্দ বজাৰ আৰক্ষীক অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই পৰিয়ালে ।
আৰু পঢ়ক; চিৰাঙত ভয়ংকৰ বন ধ্বংস কাৰ্য…