/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/fuu.jpg)
ডিজিটেল সংবাদ,দুমুনিচকী: নিজৰ প্ৰেয়সী তথা পৰিয়ালৰ লোকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি এজন যুৱকে তীব্ৰ বেগী ৰেলৰ সন্মুখত জপিয়াই আত্মহত্যা কৰা ঘটনাত পশ্চিম দৰং অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছ। ইফালে উক্ত যুৱক জনক বচাবলৈ গৈ একেখন গাঁৱৰ আনজন যুৱকেও অকাল মৃত্যুক সাৱটি ল'ব লগীয়া হয়।
ঘটনা সন্দৰ্ভত ইক্ৰামৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি পশ্চিম দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত শালিকাঝাৰ নিবাসী এগৰাকী যুৱতীৰ সৈতে বড়িগাঁৱৰ ইক্ৰাম আলীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। যাৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে প্ৰেয়সীৰ সৈতে প্ৰেমিক ইক্ৰামে পলাই যায়। কিন্তু সেই সময়ত বিবাহৰ কাৰণে বয়স উপযুক্ত নোহোৱাত দুয়োটা পৰিয়ালৰ লোকে আলোচনাত মিলিত হৈ উপযুক্ত সময়ত দুয়োৰে বিয়া পাতি দিয়া হ'ব বুলি এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।
এই সিদ্ধান্তত প্ৰেমিক প্ৰেমিকায়ো সন্মতি প্ৰদান কৰে। ইফালে প্ৰকাশ নকৰিলেও পৰিয়ালৰ লোকে কৰা আলোচনাত যুৱতীৰ পিতৃ ভিতৰি যে সন্তুষ্ট নহয় সেই বিষয়ে যোৱা ১৩ আগষ্টত সংঘটিত কৰা এটা ঘটনাত স্পষ্ট হৈ পৰিছে। যোৱা ১৩ আগষ্টত ইক্ৰাম আলীৰ বাগদত্তা তথা প্ৰেয়সীয়ে অধ্যয়ন কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত আনবাৰৰ দৰে এই বাৰো নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়।
সেই দিনা ইক্ৰামক বাইহাটা চাৰিআলিত প্ৰেমিকাৰ পিতৃ ইছমাইলে আটক কৰি ৰাখি ইক্ৰামৰ পিতৃ নাছিৰুদ্দিনক বিষয় সন্দৰ্ভত অবগত কৰে। ফলত পিতৃ নাছিৰুদ্দিনে আহি ইক্ৰামৰ ফালি চিৰি পেলোৱা ছাৰ্ট পিন্ধি থকালৈ লক্ষ্য কৰি হতবাক হৈ পৰে। প্ৰেয়সী যুৱতীৰ পিতৃ ইছমাইলে ইক্ৰামক বাইকৰ পিছ পিনে বহুৱাক লৈ প্ৰতিবেশী পৰিয়ালৰ ঘৰত এখন চুক্তি পত্ৰ লিখি প্ৰেমিক ইক্ৰাম আৰু পিতৃ নাছিৰুদ্দিনক স্বাক্ষৰ কৰিবলৈ বাধ্য কৰায়।
উক্ত চুক্তি পত্ৰত কেইবাটাও বিষয়ৰ ওপৰি ইক্ৰামে ভৱিষ্যতে প্ৰেমিকাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে। উক্ত অনাকাংক্ষিত বিষয়ৰ মুখামুখি হোৱাৰ পৰা ইক্ৰামে মানসিক ভাৱে ভাঙি পৰে। পিছত যোৱা ১৪ তাৰিখে গুৱাহাটীত থকা বন্ধু হাফিজুল আলীৰ ওচৰলৈ গৈ ১৬ তাৰিখে দুয়ো বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁৱৰ ঘৰলৈ আহিব বুলি পৰিয়ালক অৱগত কৰে।
এবাৰ পলাই যোৱাৰ পিছতো কোনো ধৰণৰ গোচৰ নিদি আলোচনাৰ মাধ্যমেৰে সমাধান কৰা প্ৰেমিকাৰ পিতৃৰ আচৰণ আৰু প্ৰেয়সীৰ সৈতে থকা যোগাযোগ বিচ্ছিন্ন হৈ পৰাত অস্থিৰ হৈ পৰে ইক্ৰাম। ফলত ১৬ আগষ্ট সন্ধিয়া বাইহাটা ৰেল ষ্টেচনৰ সমীপত নিজৰ হোৱাট্চএপত প্ৰেয়সিক উদ্দেশ্যি বিভিন্ন কথা লিখি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰে ইক্ৰামে।
লগতে ইজনে আন জনৰ সৈতে পাৰ কৰা অন্তৰংগ মুহুৰ্তৰ একাধিক যুগ্ম ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি সন্ধিয়া তীব্ৰ বেগত অহা এখন ৰেলৰ সন্মুখত জপিয়াই দিয়ে। ইফালে ইক্ৰামৰ বচাবলৈ গৈ ৰেলৰ খুন্দাত তেওঁৰ বন্ধু হাফিজুলৰো (২১) থিতাতে মৃত্যু হয়।
ঘটনাৰ খবৰ লাভ কৰি বাইহাটা জি আৰ পিয়ে মৃতদেহ উদ্ধাৰ কৰে।বুধবাৰে দুয়ো যুৱকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ পৰিয়ালক চমজায় দিয়া হয়। বুধবাৰে সন্ধিয়া গাঁও খনৰ দুজনকৈ যুৱকৰ শৱদেহ লৈ অহাৰ লগে লগে এক অবৰ্ণণীয় শোকাকুল পৰিবেশে বিৰাজ কৰে। সন্ধিয়া প্ৰায় ৬-৩০ বজাত দুয়ো যুৱকৰ জানাজা সম্পন্ন কৰা হয়। প্ৰৱঞ্চনা, আৰু বিৰহৰ বেদনা সহিব নোৱাৰা দুটা সম্ভাৱনাপুৰ্ণ জীৱনৰ এনেদৰে কৰুণ পৰিসমাপ্তি ঘটা কাণ্ডত শোকস্তব্ধ হৈ পৰিছে পশ্চিম দৰঙৰ লগতে পুৱ-কামৰপ অঞ্চলৰ সচেতন মহলে।
আৰু পঢ়ক: পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ