সেনাৰ বাহনত আক্ৰমণত আলফাক সহায় কৰা যুৱকক আটক...

মঙলবাৰে পেঙেৰীত সেনাৰ বাহনত আক্ৰমণ সংঘটিত কৰিছিল আলফা স্বাধীনৰ কেডাৰে
সেনাৰ বাহনত আক্ৰমণত আলফাক সহায় কৰা যুৱকক আটক...

ডিজিটেল ডেস্ক : মঙলবাৰে পেঙেৰীত সেনাৰ বাহনত আক্ৰমণ সংঘটিত কৰিছিল আলফা স্বাধীনৰ কেডাৰে। প্ৰতিবাদ দিৱসৰ পূৰ্বে সংগঠনটোৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে। এই আক্ৰমণৰ কথা স্বীকাৰ কৰে আলফা স্বাধীনে।

এই আক্রমণক ‘অপাৰেচন লক্ষীপথাৰ’ নামেৰে নামকৰণ কৰাৰ কথা উল্লেখ কৰে সংগঠনটোৱে। সেনাৰ বাহনত আক্ৰমণ কৰাত আলফাক সহায় কৰাৰ অভিযোগত আটক এজনক কৰিছে আৰক্ষীয়ে।

আটক কৰা যুৱকজন কাকজানৰ মাইনা বৰগোঁহাই। সেনাৰ কনভয়ত আক্রমণ কৰা আলফাক সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাক কৰে মাইনা নামৰ যুৱকজনক। সম্প্রতি যুৱকজনক ফিল’বাৰী আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in