গৰৈমাৰী-সোণতলীৰ অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত কামৰূপৰ আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ…

গৰৈমাৰী-সোণতলীৰ অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত কামৰূপৰ আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যূষিত সামৰি লৈ গঠিত সাংবাদিকসকলৰ ঐক্যমঞ্চ গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি, কে, এছ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অঞ্চলটোৰ অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ দাবীত সোমবাৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Advertisment

উল্লেখ্য যে ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী, চাম্পুপাৰা, জোৰশিমুলী, হাঁহচৰী, চৌতাৰা, ভাউৰিয়াভিঠা, কালাতলী, ডেকাচাং, টুপামাৰী, মালিবাৰী, ৰাংগাপানী, সোণতলী আদি অঞ্চলত সম্প্ৰতি ব্যাপক হাৰত বৃদ্ধি পাইছে অবৈধ ক্ৰিকেট জুৱা, মদ, জুৱা, ভাং, তীৰ, ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ৷ সমষ্টি দুটাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলত একাংশ অসাধু চক্ৰৰ বাবে গা-কৰি উঠা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে স্থানীয় সচেতন মহল ভৱিষ্যৎ প্ৰজন্মক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে ৷

ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ উল্লেখিত অঞ্চলৰ বিভিন্ন হাট-বজাৰ, তিনিআলি নাইবা চাৰিআলি চ'কত একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে নিৰ্বিঘ্নে চলাই গৈছে অবৈধ বেহাসমূহ৷ এই ক্ৰিকেট জুৱা, তীৰখেলৰ কৱলত পৰি গ্ৰামাঞ্চলৰ বহুলোক ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে৷ আনহাতে সাংবাদিক সকলৰ ঐক্যমঞ্চ গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি, কে, এছ প্ৰেছ ক্লাবে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্যকলাপ, তীৰ, জুৱা আৰু ক্ৰিকেট জুৱাৰ বিৰুদ্ধে যোৱা ২১ জুলাইত গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখনি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এখন স্মাৰকপত্ৰও প্ৰদান কৰা হৈছিল৷

কিন্তু আশ্চৰ্যজনকভাৱে উল্লেখিত অঞ্চলত আজিও চলি আছে অবৈধ তীৰ, মদ, জুৱা, ক্ৰিকেট জুৱা, ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপবোৰ৷ জানিব পৰামতে প্ৰেছ ক্লাবৰ সঁজাতী দল এটা সোমবাৰে ছয়গাঁও আৰু বকো সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰদান অঞ্চলৰ তীৰ, মদ, জুৱা, ক্ৰিকেট জুৱা, ড্ৰাগছ, ভাং আদি অসামাজিক কাৰ্যকলাপবোৰ ৰোধ কৰাৰ দাবী উত্থাপন কৰি আমিনগাঁৱস্থিত কামৰূপ জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জি, কে, এছ প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুৰ ৰহমান, সভাপতি আব্দুৰ ৰহিম, সম্পাদক জমিৰ আল-হাছানৰ নেতৃত্বত যোৱা সাংবাদিকৰ সঁজাতী দলটোত আনোৱাৰ হুছেইন, আজিজুৰ ৰহমান চৌধুৰী, ছাইফুল ইছলাম, আব্দুল ৰৌফ আলমগীৰ, সৰবত আলী, নুৰুল ইছলাম, ৱাজেদ আলীয়ে সংগ দিয়ে৷

আৰু পঢ়ক: কেৱল চাকৰিমুখী নহৈ কৃষি অথবা ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰতিষ্ঠিত হ'বলৈ কৃতি ছাত্ৰ ছাত্ৰীক আহ্বান মন্ত্ৰী হাজৰিকাৰ…

superintendent of police kamrup assam