বাসুগাঁৱত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত‌ আলিপুৰ ৰেল ডিভিজনৰ ডি আৰ‌এমক‍ স্মাৰক পত্ৰ প্ৰদান

বাসুগাঁৱত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত‌ আলিপুৰ ৰেল ডিভিজনৰ ডি আৰ‌এমক‍ স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
বাসুগাঁৱত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত‌ আলিপুৰ ৰেল ডিভিজনৰ ডি আৰ‌এমক‍ স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ, চিৰাং : বাসুগাঁৱত দূৰণিবটীয়া যাত্ৰীবাহী ৰেল ৰখোৱাৰ বাবে দীৰ্ঘদিনৰ পৰা বিভিন্ন দল সংগঠনে দাবী জনাই অহাৰ পিছতো ৰেলবিভাগৰ পৰা এইক্ষেত্ৰত কাৰ্য্যকৰী হোৱাকৈ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দুই/তিনিজন স্থানীয় (লোকেল) যাত্ৰীবাহী ৰেলৰ বাহিৰে বাসুগাঁও ৰেল ষ্টেচনত কোনো দূৰণিবটীয়া যাত্ৰীবাহী ৰেল নৰখোৱা বাবে বাসুগাঁৱৰ ৰেলযাত্ৰী সকলে বছৰৰ পিছত বছৰ ধৰি চৰম দুৰ্ভোগ ভূগিব লগা হৈছে।

Advertisment

বাসুগাঁও ৰেল ষ্টেচনত দূৰণিবটীয়া যাত্ৰীবাহী ৰেলৰ ষ্টোপেজ দিয়াৰ দাবীত আগভাগ লোৱা শিৱসেনা নেতা শিবু চন্দৰ নেতৃত্বত বাসুগাঁও চহৰৰ এটা সজাঁতি দল আজি আলিপুৰ দুৱাৰ ৰেল ডিভিজন কাৰ্য্যালয় উপস্থিত হৈ ডিআৰএম ক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰখনত বাসুগাঁও ৰেল ষ্টেচনত ধুবুৰী–কামাখ্যা এক্সপ্ৰেছ, ধুবুৰী-শিলঘাট ৰাজ্যৰাণী এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, পূৰ্ব্বত্তোৰ সম্পৰ্কক্ৰান্তী এক্সপ্ৰেছ, ইত্যাদি দ্ৰুতগামী ৰেলৰ ষ্টোপেজৰ দাবী উল্লেখ কৰা হৈছে বুলি অসম প্ৰদেশ শিৱসেনা দলৰ নেতা শিবু চন্দই সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আজি শিবু চন্দৰ সৈতে যোৱা সঁজাতি দলত সদৌ বি টি চি ই-ৰিক্সা ইউনিয়ন, বাসুগাঁও আঞ্চলিক ব্যৱসায়ী উন্নয়ন সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। স্মাৰক পত্ৰ লাভ কৰাৰ পিছত আলিপুৰ দুৱাৰ ডিভিজনৰ ডিআৰএম গৰাকীয়ে সজাঁতি দলটোৰ সৈতে সৌহাদ্যপূৰ্ণ আলোচনাৰ মাজেদি দাবী সমূহ কাৰ্যকৰী কৰণৰ আশ্বাস দিয়ে।‌

Also Read: মণিপুৰত প্ৰতিবাদী ছাত্ৰ-নিৰাপত্তাৰক্ষীৰ মাজত সংঘাতঃ ৮০ জন আহত...

basugaon