কলিয়াবৰত চক্ৰ বিষয়াৰ বিৰুদ্ধে ক্ষোভ সাংবাদিকৰ,মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতিশা বৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ তীব্ৰ ভাবে প্ৰকাশৰ পাছত সাংবাদিক মহলেও চক্ৰ বিষয়া গৰাকীৰ কৰ্মকাণ্ডকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত চক্ৰ বিষয়াৰ বিৰুদ্ধে ক্ষোভ সাংবাদিকৰ,মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতিশা বৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ তীব্ৰ ভাবে প্ৰকাশ পোৱাৰ সময়তে এইবাৰ কলিয়াবৰৰ সাংবাদিক মহলেও চক্ৰ বিষয়া গৰাকীৰ কৰ্মকাণ্ডকলৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা যায়। সেই হেতুকে সোমবাৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্য সকলে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Advertisment

ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰ আৰু সম্পাদক গৌতম কুমাৰ বৰাৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ খনিত উল্লেখ কৰে যে, কাৰ্যালয়লৈ অহা একাংশ সাধাৰণ জনতাইও সময়ে সময়ে বিষয়া গৰাকীৰ কিছু কৰ্মকাণ্ডত অসন্তুষ্ট হোৱাৰ অভিযোগ শুনিবলৈ পোৱা যায়। লগতে নিজ কাৰ্যালয়ৰ দুৰ্নীতি ৰোধ কৰিব নোৱাৰা চক্ৰ বিষয়া গৰাকীয়ে দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংশ্লিষ্ট সাংবাদিক গৰাকীক মোবাইল ফোন যোগে ভয়-ভাবুকিৰ লগতে আৰক্ষী থানাত গোচৰ তৰাৰো হুমকি দি আহিছে ।

শেহতীয়াকৈ ৩ মাৰ্চত চক্ৰ বিষয়াৰ কাৰ্যালয়ত এগৰাকী লাট মণ্ডলক ঘোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত পুনৰ কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তথা জেষ্ঠ সাংবাদিক গৰাকীক ফোন যোগে ভাবুকি প্ৰদান কৰিছিল ।

এই সন্দৰ্ভত কলিয়াবৰ প্ৰেছ ক্লাবে বিষয়া গৰাকীৰ এনে কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায়। স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা, সহ সম্পাদক ৰূপজ্যোতি গোস্বামী, সদস্য গোলাপ শইকীয়া, প্ৰদীপ লস্কৰ, ৰাজ হাজৰিকা আৰু প্ৰনৱ হাজৰিকা আদি।

ইফালে আজিয়েই স্মাৰক পত্ৰৰ প্ৰতিলিপি ক্ৰমে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰী, নগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Also Read: সুৰা কেলেংকাৰীঃ পদত্যাগ কৰিব লাগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে...