বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়ক ভূৱন পেগুক স্মাৰকপত্ৰ চেঙাজান আঞ্চলিক উন্নয়ন সমিতিৰ…

বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়ক ভূৱন পেগুক স্মাৰকপত্ৰ চেঙাজান আঞ্চলিক উন্নয়ন সমিতিৰ…

author-image
asomiyapratidin
New Update
বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়ক ভূৱন পেগুক স্মাৰকপত্ৰ চেঙাজান আঞ্চলিক উন্নয়ন সমিতিৰ…

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰৰ সমীপৰ এক অতি ভিতৰুৱা অঞ্চল বৃহত্তৰ চেঙাজান অঞ্চল । স্বাধীনতাৰ পয়সত্তৰটা বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা নাই এই বৃহত্তৰ চেঙাজান অঞ্চলে । প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বানে সৰ্বশ্ৰান্ত কৰি আহিছে অঞ্চলটোৰ ৰাইজক । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি বৰলুইটৰ বুকুত বিলীন হৈ গৈছে কেইবাখনো গাঁও ।

Advertisment

এই বছৰো ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে চেঙাজান গোৱালা গাঁৱৰ ৪৬ টা পৰিয়ালৰ লগতে চৌৰাংশ্ৰী গাঁৱৰ ১৩ টা পৰিয়ালৰ ঘৰ-বাৰী । ব্ৰহ্মপুত্ৰ আৰু লালী দুয়োখন নদীয়ে তাণ্ডৱ চলোৱা অঞ্চলটোত এইবাৰ বানত ক্ষতিগ্ৰস্ত হৈছে মুঠ ১১ খন গাঁও । ইয়াৰে ভিতৰত চেঙাজান গোৱালা, চৌৰাংশ্ৰী, অপ্সৰা, লম্বা মিলন, লম্বা মিছিং আৰু চিভিল কৈৱৰ্ত গাঁৱৰ প্ৰায় বাৰ শ পৰিয়াল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ।

অঞ্চলটোত বহুবছৰ ধৰি বান-গৰাখহনীয়াই ৰাইজক জলাকলা খুৱাই আহিছে যদিও এই বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনে সন্মূখীন হৈ অহা কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰাৰ দাবীত শুকুৰবাৰে চেঙাজান আঞ্চলিক উন্নয়ন সমিতিয়ে জোনাইৰ বিধায়ক ভূৱন পেগুক সাক্ষাৎ কৰি অঞ্চলটোত প্ৰতিবছৰে চলি থকা লালী আৰু ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা, কাৱৈমাৰী নদীৰ ঘাটত এখন দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা, লম্বা মিছিঙৰ পৰা কাৱৈমাৰী ঘটলৈকে মথাউৰী নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা, অঞ্চলটোত এখন ক্ষুদ্ৰ উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা, অঞ্চলটোৰ কৃষকসকলৰ মাটিসমূহ জৰীপ কৰি পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, নিলখীয়াৰ পৰা চেঙাজান পাৰঘাটলৈ যোৱা পথটো নিৰ্মান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীসম্বলীত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

বিধায়কগৰাকীয়ে অতিশীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।

আৰু পঢ়ক: ৰহাৰ সহস্ৰাধিক পৰিয়ালক বান সাহাৰ্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

assam silapathar