/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/bir.png)
ডিজিটেল সংবাদ, নামৰূপ: নামৰূপ হাপজানত নতুনকৈ স্থাপন কৰিবলৈ লোৱা এটা তৈল খাদৰ দায়িত্ব বাঘ জান কাণ্ডৰ মূল অভিযুক্ত গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠান জ'ন এনাৰ্জীক অৰ্পণ কৰে। ইয়াক লৈ শনিবাৰে বীৰ লাচিত সেনা অসম ডিব্ৰুগড় জিলা সমিতিয়ে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈৰ যোগেদি বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুলৈ প্ৰেৰণ কৰে।
যোৱা ২ এপ্ৰিল সংগঠন টোৱে এক প্ৰেছ বিবৃতি যোগে উক্ত কাৰ্যৰ বিৰোধীতা কৰাৰ পিছতো অইলে কোনো গুৰুত্ব আৰোপ নকৰাত শনিবাৰৰ পৰা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে বীৰ লাচিত সেনাই। ইফালে দেওবাৰে অইল ইণ্ডিয়াৰ এনে দায়িত্বহীন কাণ্ডক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে প্রকৃতি প্ৰেমী মৃদুপবন ফুকনে।
এই সমগ্ৰ বিষয়টোৰ ওপৰত পৰিৱেশকৰ্মী মৃদুপৱন ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এটা তৈল খাদ স্থাপনৰ বাবে পৰিৱেশ অনুমতি বা Environment clearance বাধ্যতামূলক । কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ পৰা ২০০৬ চনতে প্ৰকাশ হোৱা ৰাজপত্ৰৰ নিৰ্দেশনা অনুসৰি উন্নয়নৰ আঁচনি সমূহক বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে । ইয়াৰ ভিতৰত তৈল খাদ বা খনন গুৰুত্ব পূৰ্ণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা খাদ স্থাপনে অঞ্চলটোৰ পৰিৱেশ ওপৰত কেনে প্ৰভাৱ পৰিব সেই মূল্যায়ন বাধ্যতামূলক । এই মূল্যায়নৰ প্ৰতিবেদন লাভ কৰাৰ পিছত অঞ্চলটোৰ স্থানীয় ৰাইজৰ ওজৰ আপত্তি অভিযোগ গ্ৰহণ কৰিবলৈ ৰাজহুৱা শুনানি গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়ক: কলিয়াবৰৰ নলতলি পথাৰত দুষ্প্ৰাপ্য শগুন উদ্ধাৰ
নিয়ম অনুসৰি ৰাজহুৱা শুনানিৰ বিজ্ঞাপনো অইল কৰ্তৃপক্ষই প্ৰচাৰ কৰাটো বাধ্যতামূলক আছিল। স্পৰ্শকাতৰ বিষয় যে জয়পুৰ সংৰক্ষিত বনাঞ্চল অৰ্থাৎ শেহতীয়া ভাবে ঘোষণা কৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তেল খাদ স্থাপন কৰাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ তথ্য ৰাজহুৱা কৰাৰ নকৰাৰ অভিযোগ কৰে পৰিবেশ কৰ্মী জনে। পৰিবেশ কৰ্মী গৰাকীয়ে অভিযোগ কৰে যে স্থানীয় ৰাইজে জনোৱা মতে তেনেধৰণৰ কোনো সভা হাপজানত অনুষ্ঠিত হোৱা নাই।
অইলে Environment Clearance নোলোৱাকৈয়েই এই খনন কাৰ্য কৰিবলৈ যো-জা চলাইছে বুলি অভিযোগ কৰে। এই ক্ষেত্ৰত অইলক সকলো বিধিগত তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী মৃদুপৱন ফুকনে অন্যথা ইয়াৰ বিৰুদ্ধে আইনৰ কাষ চাপিব লাগিব বুলিও অইলক সকীয়নি প্ৰদান কৰিছে।ইফালে বীৰ লাচিত সেনাৰ
স্মাৰক পত্ৰত উল্লেখ যে হাপজানত অইল ইণ্ডিয়া লিমিটেডে প্রতিষ্ঠা কৰিবলৈ লোৱা তেল খাদটো স্থাপনৰ দায়িত্ব দিয়া হৈছে গুজৰাটৰ ব্যক্তিগত প্রতিষ্ঠান জ'ন' এনাৰঞ্জীক ।
উল্লেখৰ প্ৰয়োজন অভিশপ্ত ২০২০ চনৰ ৯ জুনত, বাঘজান কাণ্ডৰ মূল অভিযুক্ত আছিল বিতৰ্কিত জন এনাৰ্জী । তৈল খাদটোৰ পৰা নিৰ্গত হোৱা গেছ আৰু কণ্ডেটছেট তেল প্রায় ৫ কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চললৈ বিয়পি পৰি সেই স্থানত থকা চাহ বাগিছা, গছ গছনি, পথাৰ আদিতো কণ্ডেটছেট তেলৰ তৰপ বহিছিল। বিস্ফোৰণত সেই স্থানত ভয়ানক অগ্নি কাণ্ড সংঘটিত হৈ চাৰি পাঁচ কিলোমিটাৰ পর্যন্ত জুই বিয়পি পৰিছিল।
ঘটনাত ভুক্তভোগী সকলৰ ক্ষতিসমূহ আজিও নিদিয়াৰ অভিযোগ কৰি উল্লেখ কৰে যে উক্ত ঘটনাৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক, দায়িত্বত থকা বিষয়াসকলৰ লগতে জ'ন এনার্জীৰ ড্ৰিলিঙৰ বিষয়াসকলক দোষাৰোপ কৰা হৈছিল যদিও তদন্ত নহ'ল।
বাঘজান, নতুন গাওঁ, বাৰেকুৰি আদি অঞ্চলৰ প্ৰায় ৬৫০ পৰিয়ালে আজিও দুৰ্ভোগ ভুগিছে। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশ, জলবায়ু, বিষাক্ত হৈ একাধিক দুষ্প্রাপ্য প্রাণীর মৃত্যু ঘটিল। আনহাতে এই ঘটনাত ৫ জনকৈ অসমৰ যুৱকে প্রাণ দিব লগা হৈছিল । তাৰে ভিতৰত নামৰূপে হেৰুৱালে সমগ্ৰ অসমৰ ক্ৰীড়া বিভাগৰ সম্পদ দুৰ্ল্লভ গগৈক।এনে প্ৰেক্ষাপটত জ'ন এনাৰ্জীক কোনো কাৰণতে হাপজানত কাম কৰিবলৈ নিদিয়াৰ সকীয়নী
দি লাচিত সেনা অসমে এই কাৰ্যক বাধা প্ৰদান কৰি যাব বুলিও উল্লেখ কৰিছে স্মাৰক পত্ৰত।
অইল ইণ্ডিয়াৰ এনে চক্রান্তক ধিক্কাৰ প্ৰদান কৰাৰ লগতে স্মাৰক পত্ৰ খনত উল্লেখ কৰে যে জ'ন এনাৰ্জী নামৰ কোম্পানীটোৱে কাম আৰম্ভ কৰিলে বীৰ লাচিত সেনা অসম নামৰূপ আঞ্চলিক সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু নামৰূপ বাসী ৰাইজৰ সহযোগত আগন্তুক দিনত গণতান্ত্রিক প্ৰকাৰে এক জংগী প্রতিবাদৰ সন্মুখীন হ'ব লাগিববুলি হুংকাৰ দিয়ে।
আৰু পঢ়ক: তিনিচুকীয়াৰ হেমন্ত কুমাৰ শইকীয়ালৈ সলিল নেওগ সোৱঁৰণী যুৱ সাংবাদিকতা বঁটা…